নাবাৰ্ডৰ মহিলা বিষয়া, কৰ্মচাৰীৰ জনজাতি উন্নয়ন প্ৰকল্প পৰিদৰ্শন...

সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পই লাভাম্বিত কৰিছে দৰিদ্ৰ কৃষকক
নাবাৰ্ডৰ মহিলা বিষয়া, কৰ্মচাৰীৰ জনজাতি উন্নয়ন প্ৰকল্প পৰিদৰ্শন...
নাবাৰ্ডৰ মহিলা বিষয়া, কৰ্মচাৰীৰ জনজাতি উন্নয়ন প্ৰকল্প পৰিদৰ্শন...

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ খাটৰবাৰী আৰু কালচেনী গাঁৱৰ আৰ্থিকভাৱে দুৰ্বল কৃষকসকলৰ উপকাৰ হোৱাকৈ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ অৰ্থ সাহাৰ্যত ৰূপায়িত “সমন্বিত জনজাতি উন্নয়ন প্ৰকল্প“ আজি নাবাৰ্ডৰ গুৱাহাটী আঞ্চলিক কাৰ্যলয়ৰ পৰা অহা বিষয়াৰ দল এটিয়ে পৰিদৰ্শন কৰে ৷

ইতিমধ্যে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ অৰ্থ সাহায্যত বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত এক ছয়বছৰীয়া দীৰ্ঘম্যাদী আঁচনিৰে কালচেনী আৰু খাটৰবাৰী গাঁৱৰ ২০০ জন আৰ্থিকভাৱে দুৰ্বল কৃষকক লৈ সমন্বিত জনজাতি প্ৰকল্পৰ অধীনত উদ্যান শস্য ৰোপণ কৰা হৈছে৷ আজিৰ পৰা তিনি বছৰ পূৰ্বে আৰম্ভ কৰা আঁচনিৰ জৰিয়তে কৃষকসকলে উন্নত প্ৰজাতিৰ আম, মধুৰী আম আৰু নেমুটেঙাৰ গছ ৰোপণ কৰিছে ৷

আজি তিনিবছৰত কৃষকসকলৰ এই উদ্যান শস্যই এক গতি লাভ কৰিছে। পৰিদৰ্শনৰ সময়ত গাঁও উন্নয়ন সমিতিৰ সদস্যসকলৰ লগত প্ৰকল্পৰ বিষয়ে আলোচনা কৰাৰ লগতে কৃষকৰ ফচলসমূহ পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত নাবাৰ্ডৰ নলবাৰী জিলা ডি ডি এম উৎপল বেজবৰুৱা, গুৱাহাটীৰ কাৰ্যলয়ৰ বিষয়া অন্নপূৰ্ণা কেকৰে , গ্ৰাম্য বিকাশ মঞ্চৰ হৈ উপ-সভাপতি প্ৰাঞ্জল চক্ৰবৰ্তী আৰু প্ৰকল্প সমন্বয়ক টাইটাচ বেক, পটাই বড়ো আৰু কৃষকসকল উপস্থিত থাকে।

উল্লেখনীয় যে, আজিৰ এই ভ্ৰমণ কালত নাবাৰ্ডৰ মহিলা বিষয়াসকলে উক্ত গাওঁ দুখনৰ একাংশ উদ্যমী মহিলাৰ সৈতে আগতীয়াকৈ মহিলা দিৱস উদযাপন কৰি সামূহিকভাৱে কেক কাটি আনন্দ প্ৰকাশ কৰে৷ ভ্ৰমণৰ অন্তত মহিলা বিষয়াসকলে প্ৰকল্পৰ প্ৰগতিত সন্তোষ প্ৰকাশ কৰে আৰু গ্ৰাম্য বিকাশ মঞ্চ আৰু গাওঁবাসীৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে ৷

নাবাৰ্ডৰ মহিলা বিষয়া, কৰ্মচাৰীৰ জনজাতি উন্নয়ন প্ৰকল্প পৰিদৰ্শন...
অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষার্থীৰ মাণ্ডৰমাৰীত কৃষি তথ্য কেন্দ্র উদ্বোধন..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in