/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/77db68e7-af6e-401a-8e4f-53d95cd7b270/1.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰঃ ক্ৰীড়া প্ৰেমী সকলৰ বাবে সু-খবৰ ।বঢ়মপুৰ ছহিদ থগি সূত ক্ৰীড়া প্ৰকল্প খেলুৱৈ সকলৰ বাবে মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অহা ২৫ ফেব্ৰুৱাৰীত ক্ৰীড়া প্ৰেমীসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব লগা ক্ৰীড়া প্ৰকল্পত ক্রিকেট, লন টেনিছ, ইন্দ্ৰৰ বেডমিণ্টন ,বাস্কেট বল আদিৰ প্ৰশিক্ষণ ল'ব পাৰিব খেলুৱৈসকলে । আটকধুনীয়া আৰু উন্নত পদ্ধতিৰে নিৰ্মাণ কৰা ক্ৰীড়া প্ৰকল্পই মধ্য অসমৰ খেলুৱৈ সকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।
উল্লেখ্যযোগ্য যে এই ক্ৰীড়া প্ৰকল্প ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত দেশৰ হকে প্ৰাণ আহুতি দিয়া ছহিদ থগি সূতৰ নামত উছৰ্গিত কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।ইতিমধ্যেই মুখ্যমন্ত্ৰীক আদৰণীয় জনাবলৈ ব্যাপক প্ৰস্তুতি চলাই বঢ়মপুৰ ক্ৰীড়া সন্থাই।
Also Read: জনপ্ৰিয় অভিনেতা ঋতুৰাজ সিঙৰ মৃত্যু