ছাত্ৰ দিৱস উপলক্ষে কাজলগাঁৱত কেৰিয়াৰ মেলা

সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ
ছাত্ৰ দিৱস উপলক্ষে কাজলগাঁৱত কেৰিয়াৰ মেলা

ডিজিটেল সংবাদ,চিৰাং : বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন উপলক্ষে দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব ছাত্ৰ দিৱস -২০২৪ । এই ছাত্ৰ দিৱস উপলক্ষে বিটিচিৰ শিক্ষা বিভাগৰ উদ্যোগত বিটিআৰৰ ৫ জিলা সাঙুৰি আৰম্ভ হৈছে কেৰিয়াৰ মেলা।

বিদ্যালয়-মহাবিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জীৱনৰ লক্ষ্যত যাতে উপনীত হ'ব পাৰে তাৰ বাবে বিটিচিৰ শিক্ষা বিভাগে বিটিআৰৰ ৫জিলাত আৰম্ভ কৰিছে কেৰিয়াৰ মেলা । ইয়াৰে অংশস্বৰূপে শনিবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱস্থিত ইউ এন ব্ৰহ্ম কলেজৰ প্ৰেক্ষাগৃহত এক কেৰিয়াৰ মেলা অনুষ্ঠিত কৰা হয় ৷

মহাবিদ্যালখনত অনুষ্ঠিত কেৰিয়াৰ মেলাত জিলাখনৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ দৰাচলতে এনেধৰণৰ কেৰিয়াৰ মেলাৰ জৰিয়তে নৱ প্ৰজন্মৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা নিজকে একো একোজন প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ় দিব পাৰি তাৰ ওপৰত গুৰুত্বাৰোপ কৰা হৈছে ।

ইয়াৰে মাজত চিকিৎসক, অভিযন্তা, প্ৰশাসনিক বিষয়া আদি হ'বলৈ কিদৰে আগবাঢ়ি যাব লাগিব, কিদৰে অধ্যয়ন কৰিব লাগিব ইত্যাদিৰ ওপৰত উপস্থিত সমল ব্যক্তিসকলে প্ৰশিক্ষণত পৰামৰ্শ আগবঢ়ায় । এনেধৰনৰ কেৰিয়াৰ মেলা অনুষ্ঠান বিটিআৰৰ চিৰাং জিলাৰ উপৰি কোকৰাঝাৰ,বাক্সা,তামুলপুৰ আৰু ওদালগুৰি জিলাতো আয়োজন কৰা হৈছে ।

ছাত্ৰ দিৱস উপলক্ষে কাজলগাঁৱত কেৰিয়াৰ মেলা
পশ্চিম ঘিলামৰা এম ই স্কুলৰ সোণালী জয়ন্তী : সাংস্কৃতিক শোভাযাত্ৰা-মুকলি সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in