বটদ্ৰৱাত ভাৰতীয় ষ্টেট বেংকৰ ৮০০ সংখ্যক শাখা মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ষ্টেট বেংকৰ শাখা মুকলি অনুষ্ঠানটিত 'বটদ্ৰৱা থান'ৰ নামত নতুন শাখাটিৰ প্ৰথমখন পাচবুক মুখ্যমন্ত্ৰীৰ হাতেৰে পৰিচালনা সমিতিৰ হাতত তুলি দিয়া হয়।
বটদ্ৰৱাত ভাৰতীয় ষ্টেট বেংকৰ ৮০০ সংখ্যক শাখা মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ প্ৰায় ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কাৰ্য চলি থকা বটদ্ৰৱা প্ৰকল্প, ২০ কোটি টকা ব্যয়েৰে বটদ্ৰৱা থান চৌহদত নিৰ্মাণ কাৰ্য চলি থকা কেইবাটাও প্ৰকল্প পৰিদৰ্শনৰ পাছত মঙলবাৰে দুপৰীয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় বটদ্ৰৱাৰ পুৰণি বাছ আস্থানৰ সমীপত প্ৰতিষ্ঠা হোৱা ভাৰতীয় ষ্টেট বেংকৰ নতুন শাখাত।

বটদ্ৰৱাৰ এই শাখাটি ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূবৰ ৮০০ সংখ্যক শাখা। মাংগলিক অনুষ্ঠানেৰে শাখাটি মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ উপস্থিত ৰাইজক বিশ্ব ধৰ্মীয় পৰ্যটনৰ ক্ষেত্ৰ হিচাপে বটদ্ৰৱা থানখনিৰ উত্তৰণৰ বাবে তথা অঞ্চলটোৰ আৰ্থ সামাজিক অৱস্থাৰ উন্নয়নৰ নিমিত্তে ষ্টেট বেংক অফ ইণ্ডিয়াই বটদ্ৰৱাত এই শাখাটি মুকলি কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

ভাৰতীয় ষ্টেট বেংকৰ নগাঁও ক্ষেত্ৰৰ মুখ্য প্ৰৱন্ধক পাৰিজাত শইকীয়াই আঁত ধৰা বেংক শাখা মুকলি অনুষ্ঠানটিত ষ্টেট বেংক অফ ইণ্ডিয়াৰ উত্তৰ পূব মণ্ডলৰ মুখ্য মহা প্ৰৱন্ধক ভিনচেন্ট এম ডি, উপ মহাপ্ৰৱন্ধক শুভকান্ত কানোংগ,ক্ষেত্ৰীয় প্ৰৱন্ধক ৰঞ্জিত কুমাৰ দত্তই ষ্টেট বেংক আৰু ইণ্ডিয়াৰ ৮০০ সংখ্যক বটদ্ৰৱা শাখাটো মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ কৃষি, মীন পালন আদি বিভিন্ন ক্ষেত্ৰত ৰাইজক সহায়ৰ বাবে ষ্টেট বেংক অফ ইণ্ডিয়া সদায় সহযোগ কৰি যাব বুলি প্ৰকাশ কৰে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মুখ্যমন্ত্ৰীৰ হাতেৰে বটদ্ৰৱা থানৰ তীৰ্থযাত্ৰী, দৰ্শনাৰ্থীৰ বাবে ২৪ লাখ ২৪ হাজাৰ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া বিশুদ্ধ খোৱা পানী প্ৰকল্পৰ চেক প্ৰদান কৰে পৰিচালনা সমিতিক। ষ্টেট বেংকৰ তৰফৰ পৰা আগবঢ়োৱা এই বিশুদ্ধ খোৱা পানীৰ প্ৰকল্পটি সম্পূৰ্ণ হ'লে বটদ্ৰৱা থানলৈ অহা তীৰ্থযাত্ৰী, ভক্ত-বৈষ্ণবৰ খোৱা পানীৰ সমস্যাৰ সমাধানৰ লগত কীৰ্ত্তনঘৰ আৰু পদশিলাৰ প্ৰসাদ-নৈবেদ্য ধোৱা পখলা ক্ষেত্ৰত বহু সহায়ক হ'ব বুলি উল্লেখ কৰে ভকত বৈষ্ণৱে।

ষ্টেট বেংকৰ শাখা মুকলি অনুষ্ঠানটিত 'বটদ্ৰৱা থান'ৰ নামত নতুন শাখাটিৰ প্ৰথমখন পাচবুক মুখ্যমন্ত্ৰীৰ হাতেৰে পৰিচালনা সমিতিৰ হাতত তুলি দিয়া হয়।

বটদ্ৰৱাত ভাৰতীয় ষ্টেট বেংকৰ ৮০০ সংখ্যক শাখা মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
লামডিং সাৰ্ব্বজনীন ৰঙালী বিহু সন্মিলনত জুবলী বৰুৱাৰ সংগীতানুষ্ঠান

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in