কনকলতা বৰুৱাৰ ১০০ বছৰীয়া জয়ন্তীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ স্মাৰক হিচাপে গঢ়ি তুলিব বৰঙাবাৰী অঞ্চল...

কনকলতা বৰুৱাৰ ১০০ বছৰীয়া জয়ন্তীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ স্মাৰক হিচাপে গঢ়ি তুলিব বৰঙাবাৰী অঞ্চল...
কনকলতা বৰুৱাৰ ১০০ বছৰীয়া জয়ন্তীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ স্মাৰক হিচাপে গঢ়ি তুলিব বৰঙাবাৰী অঞ্চল...

ডিজিটেল সংবাদ ছয়দুৱাৰ: মাত্ৰ ১৬ বছৰ বয়সতে দেশ মাতৃৰ হকে আত্মবলিদান দি স্বাধীন ভাৰতৰ সপোন বাস্তৱায়িত কৰি তোলাৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা বীৰাংগনা কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী আজি দিনযোৰা কাৰ্য্যসূচীৰে গহপুৰত অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ লগতে গহপুৰ মহকুমা প্ৰশাসনৰ সহযোগত চৰকাৰীভাৱে অনুষ্ঠিত হোৱা জন্ম জয়ন্তীৰ প্ৰথম কাৰ্য্যসূচী অনুসৰি পুৱা প্ৰায় ৯ বজাত বীৰাংগনা কনকলতা বৰুৱাৰ বৰঙাবাৰীৰ বাসগৃহৰ পৰা বৰঙাবাৰী চেণ্টাৰলৈকৈ এক শোভাযাত্ৰা উলিওৱা হয়।

গায়ন-বায়নৰ লগতে দেশপ্ৰেমমূলক গীত আৰু কনকলতা বৰুৱা- মুকুন্দ কাকতিৰ প্ৰতিকী শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিৱ কল্যাণ চক্ৰৱৰ্তী, বিশ্বনাথ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱ, বিশ্বনাথ জিলাৰ অতিৰিক্ত আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰা, কনকলতা বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি সিদ্ধেশ্বৰ হাজৰিকা, কনকলতা বৰুৱাৰ ভাতৃ কালিচৰণ বৰুৱাৰ লগতে স্থানীয় ৰাইজে।

ইয়াৰ পিছত তেওঁলোকে বৰঙাবাৰী চেণ্টাৰৰ মাজমজিয়াত থকা বীৰাংগনা কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলী আৰু বন্তি প্ৰজ্বলন কৰি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। বীৰাংগনা কনকলতা বৰুৱাৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বাবে অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনৰ ১১ বজাত গহপুৰত উপস্থিত হোৱাৰ পিছত গহপুৰ নগৰৰ বৰপুখুৰীৰ পাৰত থকা বীৰাংগনা কনকলতা বৰুৱা আৰু ছহিদ মুকুন্দ কাকতিৰ যুগল মূৰ্তিত পুস্পাঞ্জলী আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছত ব্ৰিটিছৰ গুলী বুকু পাতি লৈ কনকলতাই মৃত্যু বৰণ কৰা ঐতিহাসিক গহপুৰ আৰক্ষী থানাখন পৰিদৰ্শন কৰে।

ইয়াৰ পিছত গহপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা জন্ম জয়ন্তীৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা সংগ্ৰামৰ সেই মহান মূল্যবোধক আকৌ এবাৰ সোঁৱৰণ কৰাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপ সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক হৈ ৰ'ব বুলি উল্লেখ কৰে।

ভাষণ প্ৰসংগত তেওঁ কয় যে, কনকলতা বৰুৱাৰ দৰে বীৰ-বীৰাংগনাসকলে ৰাজনৈতিকভাবে দেশ স্বাধীন কৰি ব্ৰিটিছৰ শাসন মষিমূৰ কৰি তুলিলে যদিও অৰ্থনৈতিকভাবে আজিও আমি পৰাধীনতাৰ শিকলি পিন্ধি আছো। স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো অসমৰ ৰাইজে বহি:ৰাজ্যৰ পৰা অহা দালি, চাউল, মিঠাতেল, পিয়াঁজ,আলু আদি ক্ৰয় কৰি অৰ্থনৈতিক বুনিয়াদ গঢ়ি আহিছে।

বহি:ৰাজ্যত খাদ্য সামগ্ৰীৰ দৰ বৃদ্ধি পোৱাৰ লগে লগে অসমতো বৃদ্ধি পোৱা দাম দৰৰ বিৰুদ্ধে কৰা আন্দোলন যদি কৃষি বিপ্লৱলৈ ৰূপান্তৰ কৰি হাতে কামে পথাৰত খেতি কৰা হয় তেতিয়া এখন আত্মনিৰ্ভৰশীল অসম গঢ় লৈ উঠিব বুলি ভাষণত উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। ২০১৪ চনৰ পিছত নতুন ভাৰত নিৰ্মাণৰ পৰিৱেশ গঢ় লৈ উঠা বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজনৈতিক ভাবে স্বাধীন হোৱা অসমীয়া জাতিয়ে যিমান দিনলৈ অৰ্থনৈতিকভাবে পৰাধীন হৈ থাকিব তেতিয়ালৈকে কনকলতা বৰুৱাৰ দৰে বীৰ বীৰাংগনাসকলৰ আত্মত্যাগে স্বাভাৱিক মূল্য নাপাব।

ভাষণ প্ৰসংগত তেওঁ ৩০ কোটি টকা ব্যয়ৰে বীৰাংগনা কনকলতা বৰুৱাৰ বাসগৃহ সামৰি কনকলতাৰ জন্মভূমি বৰঙাবাৰী অঞ্চলটোক স্মাৰক হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰে। ইপিনে গহপুৰত স্থাপন হ'বলগীয়া প্ৰস্তাৱিত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক লৈ গঠন কৰা কমিটিয়ে অহা জানুৱাৰী-ফ্ৰেব্ৰুৱাৰী মাহৰ ভিতৰত স্থান সম্পৰ্কে অধ্যয়ন কৰিবলৈ গহপুৰলৈ আহিব বুলি উল্লেখ কৰে।

গহপুৰৰ ৰাইজে ৫০০ বিঘা মাটি যি স্থানতেই বিচাৰি দিব পাৰিব সেই স্থানতেই কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হ'ব বুলি তেওঁ ভাষণত উল্লেখ কৰে। ভাষণত তেওঁ ব্ৰহ্মপুত্ৰৰ তলেৰে গহপুৰৰ পৰা গোলাঘাটলৈ নিৰ্মাণ হ'বলগীয়া সুৰংগ পথটোৱে গহপুৰৰ আন্ত:গাঁথনি সলনি কৰি পেলাব বুলিও উল্লেখ কৰে।

২৭০ টা অমৃত কলহ দিল্লীত অমৃত উদ্যানৰ বাবে প্ৰেৰণ কৰাৰ পিছত বাকী থকা ২৭০ টা অমৃত কলহৰ মাটি কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণত ব্যৱহাৰ হ'ব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই।

কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়খন প্ৰযুক্তি আৰু পৰম্পৰা শিক্ষাৰ ওপৰত আধাৰিত বিশ্ববিদ্যালয় হ'ব বুলিও ভাষণৰ জৰিয়তে উল্লেখ কৰে তেওঁ। সভাখনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই বীৰাংগনা কনকলতা বৰুৱাৰ ১০০ বছৰীয়া জন্ম জয়ন্তী চৰকাৰীভাৱে উদযাপন কৰিবলৈ পাই গৌৰৱ বোধ কৰা বুলি উল্লেখ কৰে।

উক্ত সভাখনত কনকলতা বৰুৱাৰ ভাতৃ কালিচৰণ বৰুৱাই লিখা "কনকলতা বৰুৱা আৰু অন্যান্য" নামৰ কিতাপখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সভাখনত শিক্ষয়িত্ৰী নামঞ্জলী বৰুৱাৰ নেতৃত্বত সুৰধ্বনী সাংস্কৃতিক ঐক্য মঞ্চৰ শিল্পীসকলে পৰিৱেশন কৰা কোৰাছ, সংগীতা বৰুৱা আৰু তেওঁৰ সহযোগীসকলে পৰিৱেশন কৰা দেশপ্ৰেমূলক গীতৰ নৃত্য, লীনা শইকীয়া বৰা নেতৃত্বত অগ্নিভ নৃত্য কলা প্ৰতিষ্ঠানৰ শিল্পীসকলে পৰিৱেশন কৰা দেশপ্ৰেম মূলক গীতৰ নৃত্যই উপস্থিত সকলোকে মুগ্ধ কৰে।

পাঁচ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত কনকলতা বৰুৱাৰ ভাতৃ কালিচৰণ বৰুৱা আৰু তেওঁৰ পত্নী মেৰী বৰুৱা, কনকলতা বৰুৱাৰ ভতিজী পুতলী বৰুৱা, ছহিদ মুকুন্দ কাকতিৰ ভতিজা ৰোহিনী কাকতি আৰু তেওঁৰ পত্নী ৰূপা কাকতীক মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

সভাখনত অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘাল, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, সাংস্কৃতিক বিভাগৰ প্ৰধান সচিৱ কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক বিভাগৰ বিশেষ সচিৱ অশোক বৰ্মণ, শংকৰদেৱ কলাক্ষেত্ৰ সমিতিৰ সচিৱ সুদৰ্শন ঠাকুৰ, বিশ্বনাথ জিলাৰ আয়ুক্ত ডা: নেহা যাদৱ, বিশ্বনাথ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰা, অসম পাঠ্যপুথি প্ৰণয়ন নিগমৰ অধ্যক্ষ দেবানন্দ হাজৰিকা, প্ৰাক্তন মন্ত্ৰী প্ৰেমধৰ বৰা,বিশ্বনাথ জিলা পৰিষদৰ চেয়াৰমেন লাৱন্য চায়েঙীয়া, গহপুৰ পৌৰসভাৰ চেয়াৰমেন অতুল বৰা, সমাজকৰ্মী দিগন্ত ঘাটোৱাৰ, অশোক ভট্টৰায়, কনকলতা বৰুৱা স্মৃতি ৰক্ষা কমিটিৰ সভাপতি সিদ্ধেশ্বৰ হাজৰিকা আদি উপস্থিত থাকে।

সভাখনৰ শেষত প্ৰস্তাৱিত কনকলতা বিশ্ববিদ্যালয় স্থান সম্পৰ্কে এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় মুখ্যমন্ত্ৰীক। সিদ্ধেশ্বৰ হাজৰিকা, তৰণি দে',কালিচৰণ বৰুৱা, খগেন গোস্বামী, লোকেশ্বৰী সন্দিকৈ প্ৰমুখ্যে ছয়দুৱাৰ অঞ্চলৰ কেইবাশতাধিক লোকে স্বাক্ষৰ কৰা স্মাৰক পত্ৰখনৰ জৰিয়তে কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ বাবে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰই আগবঢ়োৱা হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ঘাঁহিগাঁৱৰ অফৰাখাটৰ লাখেৰাজ ভূমিৰ বিষয়ে বিস্তৃতভাবে উল্লেখ কৰি এতিয়ালৈকে একাধিক ৰায়তীয়ে ৩৮০ বিঘা মাটি বিশ্ববিদ্যালয়খন স্থাপনৰ হকে মুক্তমনে এৰি দিয়াৰ বিষয়ে উল্লেখ কৰিছে।

কনকলতা বৰুৱাৰ ১০০ বছৰীয়া জন্ম জয়ন্তীৰ সকলো কাৰ্য্যসূচী সাফল্য মণ্ডিত কৰি তোলাৰ কাৰণে সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমধিপতি লুকুমণি বৰাই।

কনকলতা বৰুৱাৰ ১০০ বছৰীয়া জয়ন্তীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ স্মাৰক হিচাপে গঢ়ি তুলিব বৰঙাবাৰী অঞ্চল...
২৭ ডিচেম্বৰত উন্মোচন হ'ব সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীৰ 'মহৎ লোকৰ অমৃত বাণী'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in