'সৰুপথাৰত আমি ১ লাখ ২০ হাজাৰ ভোটত লীড লম'- জয়ন্ত মল্ল বৰুৱা

'সৰুপথাৰত কোনো বিৰোধী নাই, সৰুপথাৰত বিৰোধীৰ কোনো পৰিৱেশ নাই' ৰোড শ্ব'ত অংশগ্ৰহণ জয়ন্ত মল্ল বৰুৱাৰ
'সৰুপথাৰত আমি ১ লাখ ২০ হাজাৰ ভোটত লীড লম'- জয়ন্ত মল্ল বৰুৱা
'সৰুপথাৰত আমি ১ লাখ ২০ হাজাৰ ভোটত লীড লম'- জয়ন্ত মল্ল বৰুৱা

ডিজিটেল সংবাদ সৰুপথাৰঃ ''সৰুপথাৰত কোনো বিৰোধী নাই, সৰুপথাৰত বিৰোধীৰ কোনো পৰিৱেশেই নাই। ইয়াত চাৰিও ফালে কেৱল পদুমেই ফুলিছে।'' - এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি সৰুপথাৰ টাউনত উলিওৱা বিশাল ৰোডশ্ব'ত অংশগ্ৰহণৰ অন্তত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় যে, সৰুপথাৰ সমষ্টিৰ পৰা আমি ১ লাখ ২০ হাজাৰ ভোটত লীড লম। তাৰ কাৰণে চিন্তা কৰিবলগীয়া নাই। ইয়াত কোনো বিৰোধী নাই, বিৰোধীৰ কোনো পৰিৱেশেই নাই, চাৰিও ফালে কেৱল পদুমেই ফুলিছে।

মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক কামাখ্যা প্ৰসাদ তাছাক পদুম ফুলৰ চিহ্নত ভোট দি বিপুল ভোটত বিজয়ী কৰাৰ বাবে আহ্বান জনায়। ভাষণত মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, কামাখ্যা প্ৰসাদ তাছাক সৰুপথাৰৰ ৰাইজে ১ লাখ ২০ হাজাৰতকৈ বেছি ভোটত বিজয়ী কৰিবলৈ সংকল্প লৈছে।

নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাই আমাৰ লক্ষ্য বুলি ভাষণত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰাৰ সংকল্পৰে আমি আগবাঢ়িছো। তেওঁ কয় যে, ভাৰতবৰ্ষখন আমি বিশ্বগুৰু হ'ব বিচাৰো। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি ভাৰতবৰ্ষ বিশ্বত জিলিকি উঠিছে। ভাৰতবৰ্ষ বৰ্তমান পৃথিৱীৰ পঞ্চম অৰ্থনীতি। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ যাতে বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ হয়, তাৰ কাৰণে তেওঁ নৰেন্দ্ৰ মোদীক আশীৰ্বাদ দিবলৈ সকলোকে আহ্বান জনায়।

আনহাতে, সৰুপথাৰ সমষ্টিত ৩০০ কিলোমিটাৰতকৈ বেছি দৈৰ্ঘ্যৰ পকী ৰাস্তা নিৰ্মাণ কৰা হৈছে। সৰুপথাৰৰ উন্নয়ন আৰু ত্বৰাণ্বিত কৰিব লাগিব বুলি তেওঁ কয়। তেওঁ আৰু কয় যে এই সমষ্টিটোৱে স্বাধীনতাৰ ৬০-৬৫ বছৰে উন্নয়নৰ মুখ দেখা নাছিল। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিধায়ক বিশ্বজিত ফুকনৰ নেতৃত্বত আজি সমষ্টিৰ উন্নয়ন ৰাইজে দেখিবলৈ পাইছে বুলি কয়।

মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়াম ঘাটত আয়োজিত এখন বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কৰে। নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ BJP-ৰ প্রার্থী কামাখ্যা প্ৰসাদ তাছাৰ সমৰ্থনত ৰাইজ আৰু কার্যকর্তাৰ উৎসাহ দেখি মন্ত্ৰীগৰাকী আপ্লুত হৈ পৰে।

'সৰুপথাৰত আমি ১ লাখ ২০ হাজাৰ ভোটত লীড লম'- জয়ন্ত মল্ল বৰুৱা
দোতমাত গ্ৰেণেড নিক্ষেপ কৰা ঘটনাৰ সৈতে জড়িত চাৰি KLO সদস্য আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in