মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ ওদালগুৰি ভ্ৰমণ

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি ওদালগুৰি জিলা ভ্ৰমণ কৰে।

author-image
Asomiya Pratidin
New Update
মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ ওদালগুৰি ভ্ৰমণ

ডিজিটেল সংবাদ, ওদালগুৰিঃ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি ওদালগুৰি জিলা ভ্ৰমণ কৰে। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰামূহুৰ্তত বিষয়াগৰাকীয়ে দেওবাৰে ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ নিৰ্বাচন সন্দৰ্ভত জিলা প্ৰশাসন কেনেদৰে সাজু হৈছে সেই সন্দৰ্ভত বুজ লয়। লগতে তেখেতে ইভিএম ৰখা স্থান পৰ্যবেক্ষণ কৰাৰ লগতে আগন্তুক নিৰ্বাচন সন্দৰ্ভত নিৰাপত্তাৰ লগতে অন্যান্ন দিশ সন্দৰ্ভত ওদালগুৰি আয়ুক্ত তথা ৰিটাৰ্ণি বিষয়া ডাঃ ছাদনেক সিং, জিলা আৰক্ষী অধীক্ষক পুস্কিন জৈনৰ উপস্থিতিৰ জিলাখনৰ আন বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।

Advertisment

উল্লেখ্য যে এইবেলি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সমগ্ৰ নিৰ্বাচনী কাম কাজ ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হ'ব। সমষ্টিটোৰ নিৰ্বাচনৰ দলীয় প্ৰাৰ্থীসমূহৰ মনোনয়ন দাখিলৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী ফলাফল ঘোষণা কৰা সমগ্ৰ কাম-কাজ এইবেলি ওদালগুৰি আয়ুক্ত কাৰ্যালয়ৰ পৰাই পৰিচালিত হ'ব। উক্ত লোকসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি, দৰং, কামৰূপ আৰু বাক্সা জিলাৰ মুঠ ১১ টা বিধানসভা সমষ্টিত মুঠ ২১,৮৭,১৬০ গৰাকী ভোটাৰ অন্তৰ্ভূক্ত হৈছে।

Also Read: বেকাজানত সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ লাইখুঁটা স্থাপন

loksabha udalguri