/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/b2cf0d40-a492-4775-a0b1-36f114142236/14.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ ৪ মাৰ্চ বেকাজান ন জানখনাৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত অহা ১৮ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ পাঁচ দিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে মণিকাঞ্চন নাট্য গোষ্ঠী আৰু বেকাজানবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ সোমবাৰে লাইখুঁটা স্থাপন কৰা হয়।
সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ উদযাপন সমিতিৰ সম্পাদক গোপাল কছাৰীয়ে আঁতধৰা লাইখুটা স্থাপন কাৰ্যসূচীত তিতাবৰ মহিমাবাৰীৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ সোণাৰাম শৰ্মা বুঢ়াভকতে মাংগলিক কাৰ্যসূচীৰে লাইখুঁটাৰ কৰে। তেওঁ কয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য আৰু সমন্বয় গঢ়ি আহিছে। বৰ্তমান প্ৰতিযোগিতাই ভাওনাক অধিক জনমুখী কৰাত সহায় কৰিছে।
এই কাৰ্যসূচীত মণিকাঞ্চন নাট্য গোষ্ঠীৰ উপদেষ্টা বুধীন্দ্ৰনাথ বৰচেতীয়া, উদযাপন সমিতিৰ সভাপতি বিপুল কছাৰীৰ লগতে নাট্য গোষ্ঠীৰ আৰু উদযাপন সমিতিৰ লগতে স্থানীয় শতাধিক ৰাইজ উপস্থিত থাকে।
Also Read: নগাঁও কলেজত লিংগ সমতাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে কৰ্মশালা
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us