মঙলদৈ জিলা কাৰাগাৰত সৰ্বভাৰতীয় পৰ্যায়ৰ ডবা আৰু কেৰেমৰ প্ৰশিক্ষণ

মঙলদৈ জিলা কাৰাগাৰত কাৰাগাৰৰ পৰা গৌৰৱলৈ শীৰ্ষক সৰ্বভাৰতীয় পৰ্যায়ৰ এমহীয়া ডবা আৰু কেৰেমৰ প্ৰশিক্ষণ ৷

author-image
Asomiya Pratidin
New Update
মঙলদৈ জিলা কাৰাগাৰত সৰ্বভাৰতীয় পৰ্যায়ৰ ডবা আৰু কেৰেমৰ প্ৰশিক্ষণ

ডিজিটেল ডেস্কঃ মঙলদৈ জিলা কাৰাগাৰত কাৰাগাৰৰ পৰা গৌৰৱলৈ শীৰ্ষক সৰ্বভাৰতীয় পৰ্যায়ৰ এমহীয়া ডবা আৰু কেৰেমৰ প্ৰশিক্ষণ ৷ ১২ ফেব্ৰুৱাৰীৰ পৰা ১১ মাৰ্চলৈ সৰ্বভাৰতীয় পৰ্যায়ত আয়োজন কৰে ডবা আৰু কেৰেমৰ এমহীয়া ক্ৰীড়া শৈলীৰ প্ৰশিক্ষণ ৷

Advertisment

ইণ্ডিয়ান অইলে সামাজিক দায়িত্ববোধৰ একান্ত লক্ষ্যৰে মঙলদৈ জিলা কাৰাগাৰৰ কয়দী আৰু কিশোৰ সকলৰ জীৱনত ক্ৰীড়াৰ জৰিয়তে এক ইতিবাচক পৰিবৰ্তন , ক্ৰীড়াৰ মাধ্যমেৰে অনুশাসন , দলবদ্ধ কাম আৰু অধ্যৱসায় গঢ়ি তোলাৰ সৃষ্টিশীল প্ৰচেষ্টা আগত ৰাখি প্ৰথমবাৰৰ বাবে মঙলদৈ জিলা কাৰাগাৰত কয়দী সকললৈ কাৰাগাৰৰ পৰা গৌৰৱলৈ শীৰ্ষক এক প্ৰশিক্ষণ কৰ্মশালা হাতত লয়।

ইণ্ডিয়ান অইলৰ এনে ধৰণৰ গঠনমূলক উদ্যোগৰ যোগেদি মঙলদৈ জিলা কাৰাগাৰৰ কয়েদী সকল যথেষ্ট উপকৃত হব বুলি মন্তব্য কৰে জিলা আয়ুক্ত গৰাকীয়ে। কাৰাগাৰৰ ভিতৰত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰটি উন্মোচন কৰে দৰঙৰ আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে ৷

উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্যায়ত ২৩ খনজিলা কাৰাগাৰত কয়েদী সকলৰ মাজত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিৱিৰটি অইল ইণ্ডিয়াই অসমত একমাত্ৰ মঙলদৈ জিলা কাৰাগাৰত অনুষ্ঠিত কৰে ৷ মঙলদৈ কাৰাগাৰৰ প্ৰায় ২০ গৰাকী কয়েদীয়ে এই ক্ৰীড়া প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিন কাকতৰ জেষ্ঠ সাংবাদিক পুলিন সাহা।

Also Read: কাছাৰৰ বৰখলা লেবুৰবন্দত বিধ্বংসী অগ্নিকাণ্ড

mangoldoi chess