১৫হাজাৰ হিতাধিকাৰীত চেক বিতৰণ, ঋণ ঘূৰাই দিব নোৱাৰা মহিলাৰ বাবে নতুন পৰ্টেল…

১৫হাজাৰ হিতাধিকাৰীত চেক বিতৰণ, ঋণ ঘূৰাই দিব নোৱাৰা মহিলাৰ বাবে নতুন পৰ্টেল…

ডিজিটেল ডেস্ক: অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত নিয়মীয়া ঋণ পৰিশোধকাৰী হিতাধিকাৰীসকলক মঙলবাৰে চেক বিতৰণ কৰা হয়। বিত্তীয় বিভাগ, অসম চৰকাৰ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত জয়পুৰ উন্নয়ন খণ্ডৰ কাৰ্যলয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোহাঁইৰ উপস্থিতিত বিধায়ক তৰংগ গগৈয়ে নাহৰকটীয়া সমষ্টিৰ প্ৰায় পোন্ধৰ হাজাৰ হিতাধিকাৰীক চেক বিতৰণ কৰে ।

বিধায়ক গৰাকীয়ে কয় যে যি সকল মহিলাই বৰ্তমানেও ঋণ ঘূৰাই দিবলৈ সক্ষম হোৱা নাই সেই সকল মহিলাক সকাহ দিয়াৰ উদ্দেশ্যেৰে অহা এপ্ৰিল মাহত ৰাজ্য চৰকাৰে এটা পৰ্টেল মুকলি কৰিব আৰু সেই পৰ্টেলৰ জৰিয়তে মহিলা সকলে আৱেদন কৰি তেওঁলোকে লোৱা ঋণৰ পৰা সকাহ পাব পাৰিব ।

একেদৰে নাহৰকটীয়া ৰাঙলী-ৰূপালী মঞ্চত আজি অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰ দ্বাৰা আৱণ্টিত চেক বিতৰণ কাৰ্যসূচীত নাহৰকটীয়া সমষ্টিৰ ১৪১ গৰাকী ৰোগীক চেক বিতৰণ কৰে বিধায়ক তৰংগ গগৈয়ে ।

বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰেপৰা নাহৰকটীয়া সমষ্টিত বৰ্তমানৰ লৈকে ৭০০ৰো অধিক ৰোগীক মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰ চেক বিতৰণ কৰা হৈছে, য'ত মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰ পৰা এতিয়ালৈকে প্ৰায় ৪২ লাখ টকা খৰছ কৰা হৈছে বুলি তেওঁ জনায়।উক্ত অনুষ্ঠানত বিজেপিৰ নাহৰকটীয়া মণ্ডলৰ সভাপতি গকুল বড়া আৰু জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতা সহ বিজেপি দলৰ কৰ্মী সকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in