জামুগুৰিহাটত সুদখোৰৰ অতপালি

জামুগুৰিহাটত সুদখোৰৰ অতপালি

ডিজিটেল সংবাদ,জামুগুৰিহাট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও জামুগুৰিহাটত এতিয়াও আৰক্ষীৰ নাকৰ তলৰে টিঘিলঘিলাই ফুৰিছে একাংশ সুদখোৰ ৷ এইসকল সুদখোৰক জামুগুৰি তথা শোণিতপুৰ জিলা প্ৰশাসনে এতিয়াও গ্ৰেপ্তাৰ নকৰাতো আশ্চৰ্যজনক কথা হিচাপে চৰ্চিত হৈছে ৷

জামুগুৰিহাট,কুসুমটোলা আৰু ধলাইবিল অঞ্চলত এতিয়া কুৰিৰো অধিক সুদখোৰে তেওঁলোকৰ ব্যৱসায় অব্যাহত ৰাখিছে ৷ এইসকল সুদখোৰে দুখীয়া দৰিদ্ৰৰ তেজ শুহি খাইছে ৷ টকা সুদত দিয়াৰ বিনিময়ত কাঢ়ি লৈছে সোণৰ গহনা,এটিএম কাৰ্ড,স্কুটি মটৰচাইকেলপৰ্যন্ত ৷

টকা ধাৰ মাৰিব নোৱাৰি আত্মহননৰ পথ বাছি লোৱাৰ লগতে বহু পৰিয়াল সৰ্বস্বান্ত হোৱাও পৰিলক্ষিত হৈছে ৷ সেয়ে এইসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতিৰ সভাপতি প্ৰাঞ্জল বৰাই ৷

জামুগুৰিহাটত সুদখোৰৰ অতপালি
ঘোষণা হ'ল ২০২৪ বৰ্ষৰ আই পি এলৰ আৰম্ভণিৰ দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in