চতিয়াত বিশাল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা...

পহিলা ব'হাগৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰন্তৰ লগতে চতিয়াতো উখল-মাখল পৰিৱেশ । চতিয়াৰ ৰাজপথত দেখা গ'ল বিশাল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা...

author-image
Asomiya Pratidin
New Update
চতিয়াত বিশাল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা...

ডিজিটেল সংবাদ, চতিয়া : ৰাজ্যৰ চৌদিশে ৰঙালীৰ উখল-মাখল পৰিৱেশ। জামুগুৰিহাটৰ চতিয়াতো ৯০ সংখ্যক চতিয়া কেন্দ্ৰীয় ৰঙালী বিহুৰ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হয়। প্ৰথম দিনাৰ কাৰ্যসূচীত বিশাল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই চতিয়াৰ আকাশ বতাহ মুখৰিত কৰি তোলে।

চতিয়া কেন্দ্ৰীয় ৰঙালী বিহুৰ সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অসমৰ স্বনামধন্য শিল্পী জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰে। বড়ো, ঝুমুৰ, জিকিৰ-জাৰি, বঙালী, মাৰোৱাৰী, মিচিং, কাৰ্বি সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰে চতিয়াৰ ৰাজপথত সৃষ্টি কৰে বিশাল সাংস্কৃতিক মালাৰ।

উল্লখ্য যে, ঐক্য সম্প্ৰীতিৰ এই মালা কোনো দিন কোনো শক্তিয়ে চিঙিৱ নোৱাৰে বুলি উদ্বোধক বিদ্যা সাগৰে মন্তব্য প্ৰকাশ কৰে।

Also Read: বৈশাগুৰ আনন্দ : হেৰাই যোৱা পৰম্পৰাক ঘূৰাই আনিলে বড়ো কেথলিক সকলে...

Assamese New Year chatiya