বৈশাগুৰ আনন্দ : হেৰাই যোৱা পৰম্পৰাক ঘূৰাই আনিলে বড়ো কেথলিক সকলে...

কোকৰাঝাৰত বড়ো কেথলিক সকলৰ প্ৰথম বৈশাগু উদযাপন । ১৯০১ চনৰ পৰা বৈশাগু, দমাছি আৰু অংখাম গোৰলৈ খোৱা উৎসৱবোৰ উদযাপন কৰা নাছিল।

author-image
Asomiya Pratidin
New Update
বৈশাগুৰ আনন্দ : হেৰাই যোৱা পৰম্পৰাক ঘূৰাই আনিলে বড়ো কেথলিক সকলে...

ডিজিটেল সংবাদ, কোকৰাঝাৰ : বৈশাগু, দমাছি আৰু অংখাম গোৰলৈ খোৱা উৎসৱবোৰ বড়ো জনগোষ্ঠীৰ লোক উৎসৱ। বৈশাগু, দমাছি (মাঘ বিহু) আৰু নোৱান খোৱা (বছৰৰ প্ৰথম নতুন ভাত খোৱা) উৎসৱবোৰ সুদীৰ্ঘ ১২০ বছৰে অৰ্থাৎ ১৯০১ চনৰ পৰা অবিভক্ত গোৱালপাৰা জিলা বৰ্তমান কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গোসাইগাঁও ওচৰৰ জৈমাগুৰী গাঁৱৰ থেখ্লো বসুমতাৰীয়ে প্ৰথম খৃষ্টান ধৰ্ম লোৱাৰ পিছৰ পৰা উৎসৱকেইটা সমুহীয়া ভাবে উদযাপন কৰাৰ পৰা দূৰত আছিল।

Advertisment

কিন্তু একাংশ খৃষ্টান ধৰ্মৰ লোক সকলে নিজাববীয়াকৈ ৰংজালি বৈশাগু, দমাছি আৰু অংখাম গোৰলৈ খোৱা উৎসৱটো উদযাপন ও অংশগ্ৰহণ কৰি আহিছে। আৰু এই বছৰত সচেতন কেথলিক নেতা জনক বসুমতাৰী, বিনোদ বসুমতাৰী, ৰাণী হেলেনৰ সৈতে কেইজনমান কেথলিক নেতা সকলৰ প্ৰচেষ্টাত কোকৰাঝাৰৰ ডন বস্ক স্কুলৰ প্ৰাঙ্গণত কোকৰাঝাৰ কেথলিক পাৰিছ কাউঞ্চিলৰ অন্তৰ্গত কেথলিক সকলে সমুহীয়া ভাবে প্ৰথম ৰংজালি বৈশাগু উদযাপন কৰে।

কাৰ্যসূচী অনুসৰি পুৱা ৰংজালি বৈশাগু উৎসৱৰ নামত দৌৰী ফ্ৰানছিছ বসুমতাৰীৰ মিছাবুলি অৰ্পনেৰে প্ৰাৰ্থনা আৰু পবিত্ৰ বাইবেল পাত কৰা হয়। প্ৰাৰ্থনাৰ অন্তত জেষ্ঠজনক সন্মান কাৰ্যসূচী অনুষ্ঠিত কৰে । তাৰ পিছত বড়ো কেথলিক পুৰুষ-মহিলা সকলে বৈশাগু নৃত্য কৰে আৰু উপস্থিত সকলো ব্যক্তি সকলে থালিৰ ফচলা-অমা বেদৰ খাজি (কলৰ পচলা-গাহৰি মাংস) সমূহীয়া ভাবে গ্ৰহণ কৰে।

সাংস্কৃতিক থাকিলেহে জাতি থাকিব আৰু জাতি থাকিলেহে নিজৰ পৰিচয় থাকিব মন্ত্ৰৰে প্ৰতি বছৰে বৈশাগু, দমাছি আৰু অংখাম গোৰলৈ খোৱা উৎসৱবোৰ বড়ো জাতি হিচাপে উদযাপন কৰি থাকিব বুলি কোকৰাঝাৰ পাৰিছ কাউঞ্চিলৰ সভাপতি জনক বসুমতাৰীয়ে জানিবলৈ দিয়ে। এই উৎসৱত বহু চৰকাৰী শীৰ্ষ বিষয়া কেথলিক সকলৰ লগতে শতাধিক কেথলিক লোক সকলে অংশগ্ৰহণ কৰে।

Also Read: অসমীয়া নৱবৰ্ষ : আৰ্শীষ বিচাৰি মন্দিৰে-নামঘৰে ভক্তৰ ভিৰ...

kokrajhar