চতিয়াত সমূহীয়া ইফতাৰ আয়োজন...

আমছুৰ দক্ষিণ চতিয়া আঞ্চলিক সমিতিৰ উদ্যোগত কৰৈয়ানী আহমেদীয়া মাদ্ৰাছাৰ প্ৰেক্ষাগৃহত সমূহীয়া ইফতাৰ আয়োজন...

author-image
Asomiya Pratidin
New Update
চতিয়াত সমূহীয়া ইফতাৰ আয়োজন...

ডিজিটেল সংবাদ : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছুৰ) দক্ষিণ চতিয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা সমিতিৰ সহযোগত কৰৈয়ানী আহমেদীয়া মাদ্ৰাছাৰ প্ৰেক্ষাগৃহত সোমবাৰে সমূহীয়া ইফতাৰ আয়োজন কৰা হয়৷

Advertisment

এই সমূহীয়া ইফতাৰ অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ বনাআঞ্চলিক বিষয়া যতীন্দ্ৰ মোহন দাস, জাতীয় পৰিষদৰ সদস্য দুলদুল বৰকটকী, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলিপ বৰুৱা, সদৌ অসম ছাত্ৰ সন্হাৰ বিশ্বনাথ চাৰিআলি নগৰ সমিতিৰ সভাপতি লক্ষ্যজ্যোতি শইকীয়া,

আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক কুদ্দুচ আলী চৰকাৰ আৰু সদস্য জালাল উদ্দিন মণ্ডল । ইফতাৰত উপস্থিত থকা অতিথি সকলে বিভিন্ন দিশত বক্তৃব্য আগবঢ়াই আৰু কয় যে সমাজত এনেধৰনৰ অনুষ্ঠানে ভাতৃত্ববোধৰ এনাজৰীডাল অধিক টনকিয়াল কৰি ৰাখে ৷

Also Read: Best Time to Drink Water: এই ৫ টা সময়তহে পানী খাব

islam All Assam Muslim Student Union