মঙলদৈত "স্বচ্ছতা হী সেৱা" কাৰ্যসূচী

মঙলদৈত "স্বচ্ছতা হী সেৱা" কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
মঙলদৈত "স্বচ্ছতা হী সেৱা" কাৰ্যসূচী

ডিজিটেল সংবাদ,‌ মঙলদৈ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ১ অক্টোবৰত "স্বচ্ছতা হী সেৱা" কাৰ্যসূচীত অংশ হিচাপে ভেবাৰঘাট বাছ ষ্টেচনত কেন্দ্ৰীয়ভাৱে চাফাই সজাগতা কাৰ্যসূচী পালন কৰা হয়। ১ অক্টোবৰত ৰাতিপুৱা ১০-০০ বজাৰ পৰা ১১-০০ বজালৈ এঘন্টাৰ বাবে "স্বচ্ছতা হী সেৱা" কাৰ্যসূচী পালন কৰা হয়।

Advertisment

জিলা প্ৰশাসন, মঙলদৈ পৌৰসভা তথা মঙলদৈৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰা অনুস্থানত মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, পৌৰপতি নিৰ্মালি শৰ্মা দেৱীয়ে অংশগ্ৰহণ কৰে।

চহৰ খনৰ প্ৰতিটো ওৱাৰ্ডতে এই স্বচ্ছতা কাৰ্যসূচী পালন কৰা হয়। জাৱৰ জোথৰবোৰ চাফাই কৰাৰ বাবে এঘন্টা সময় দিয়াৰ বাবে জনসাধাৰণক ধন্যবাদ জনায় উপস্থিত জনপ্ৰতিনিধিসকলে।

Also Read: পুনৰ মূল্যবৃদ্ধি : ১.২৯ টকা পৰ্যন্ত বাঢ়িল বিদ্যুতৰ মাচুল, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ২০৯ টকা...

narendramodi