ধেমাজিত পথ দুঘৰ্টনা : দুজন নিহত

ট্ৰাক আৰু টয়োটা বাহনৰ মাজত হোৱা সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱাই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে
road accident
road accidentroad accident

ডিজিটেল সংবাদ ,ধেমাজিঃ গৰু বিহু দিনাই ধেমাজি পানীতোলাত পথ দুৰ্ঘটনা।থিতাতে নিহত এগৰাকী যুৱতী ৷ জানিব পৰা মতে ট্ৰাক আৰু টয়োটা বাহনৰ মাজত হোৱা সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱাই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে ।

নিহত ছাত্ৰীগৰাকী নাম চৈয়দা ৰিজৱানা য়াচমিন। ঘটনাৰ পাছতে চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰা চৈয়দ আৰিফ চিস্তি (১৭)ৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। সংকটজনক অৱস্থাত আন এগৰাকী চৈয়দ মাজজী মহম্মদ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে।

দুঘটনাত পতিত হোৱা বাহনদুখনৰ নম্বৰ ক্ৰমে AS 03 H 8425 আৰু ট্ৰাকখনৰ নম্বৰ AS 25 CC 1853। জানিব পৰা মতে মাজজী মহম্মদে বাংগালোৰত দন্ত চিকিৎসাৰ অধ্যয়ন সমাপ্ত কৰি আহিছে।

শুকুবাৰে দুই ভাতৃৰ সৈতে য়াচমিনে গৱেষণাৰ প্ৰকল্পৰ কামত ধেমাজিলৈ আহিছিল। কাম কৰি তিনিওজনে ধেমাজিৰ পৰা গুৱাহাটীৰ অভিমুখে গৈ থাকোতেই এই দুঘৰ্টনা সংঘটিত হয় ৷

মৃত য়াচমিনৰ পিতৃ প্ৰয়াত চৈয়দ মিচবাহ মুস্তাফা যোৰহাটৰ পুৰণি ব্যৱসায়িক প্ৰতিষ্ঠান ভিবজিয়ৰ চাইকেল মাৰ্টৰ স্বতাধিকাৰী ৷ আনহাতে চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা চৈয়দ আৰিফ চিস্তিৰ পিতৃ নাম ৰাগিব চিস্তি গুৱাহাটীৰ বাসিন্দা ৷

road accident
বোকাখাতত ড৹ ভীমৰাও আম্বেদকাৰৰ ১৩২ তম জন্ম জয়ন্তী উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in