উখলমাখল ঐতিহাসিক চৰাইদেউ

নবৱৰ্ষৰ প্ৰথম দিনটোত দৰ্শনাৰ্থী- বনভোজকাৰী লোকেৰে ভৰি পৰিল চৰাইদেউ
উখলমাখল ঐতিহাসিক চৰাইদেউ

ডিজিটেল সংবাদ, চৰাইদেউ : ইংৰাজী নবৱৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যবাসীয়ে উলহমালহেৰে আদৰা পৰিলক্ষিত হয়। এই উলাহ-উছাহৰ যেন ব্যতিক্ৰম ন'হল ঐতিহাসিক চৰাইদেউ মৈদাম থলী ৷ পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অহা দৰ্শনাৰ্থী, পৰ্যটন লগতে বনভোজকাৰী দলৰ উপস্থিতিয়ে ঐতিহাসিক চৰাইদেউ মৈদাম থলী লোকাৰণ্য হৈ পৰিল ৷

সৰু-বৰ বিভিন্ন যানবাহনেৰে বিভিন্ন প্ৰান্তৰ অহা শ শ বনভোজকাৰী দলৰ সমাগমে চৰাইদেউ মৈদাম থলীত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । নৱবৰ্ষ উপলক্ষত নিজৰ বন্ধু- বান্ধৱ ,আত্মীয়-স্বজন, পৰিয়ালৰ সৈতে আনন্দ-ৰ্ফূতিৰে এসাঁজ খাই নতুনক বছৰ আদৰা পৰিলক্ষিত হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in