/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/49011702-ec74-4f20-983e-72f3422df768/nilim_kumar_31.jpg)
নীলিম কুমাৰৰ 'সেই জন্তুটোৰ নাম কি?' কাব্য গ্ৰন্থলৈ 'অসমীয়া কাব্য সাহিত্য বঁটা'...
ডিজিটেল সংবাদ নগাঁওঃ বিশিষ্ট কবি নীলিম কুমাৰৰ 'সেই জন্তুটোৰ নাম কি?' শীৰ্ষক গ্ৰন্থলৈ আগবঢ়োৱা হৈছে 'অসমীয়া কাব্য সাহিত্য বঁটা-২০২৩'। 'ৰাজপথৰ কবিতা'ৰ পৰিচালন সম্পাদক দুলাল বৰা আৰু প্ৰকাশক সমিতিৰ সম্পাদক কবিন পাটৰে এই বিষয়ে অৱগত কৰিছে।
এই বঁটা ঘোষণাৰ বাবে গ্ৰন্থ নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্যধৰ চৌধুৰীয়ে সভাপতিৰ আসনৰ পৰা কোৱা- ''সঁচা কথা সাহসেৰে সোৱাদ লগাকৈ লিখিব পৰাটোৱে আজিৰ যুগৰ শ্ৰেষ্ঠ সাহিত্য" কথাষাৰকেই গুৰুত্ব প্ৰদান কৰিছে বুলিও জনাইছে।
উল্লেখ্য যে, কা আন্দোলনৰ সময়ৰে পৰা প্ৰকাশ হৈ আছে এটকীয়া ক্ষুদ্ৰ আলোচনী 'ৰাজপথৰ কবিতা'। আনহাতে বঁটাৰ বাবে নিৰ্বাচিত হোৱা 'সেই জন্তুটোৰ নাম কি' শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গ্ৰন্থবাৰ্তা প্ৰকাশনে।