তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা চৰাইদেউ মহোৎসৱ...

তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা চৰাইদেউ মহোৎসৱ...

author-image
Asomiya Pratidin
New Update
তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা চৰাইদেউ মহোৎসৱ...

তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা চৰাইদেউ মহোৎসৱ...

ডিজিটেল সংবাদ চৰাইদেউঃ আজিৰে পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ-২০২৪। এই উপলক্ষে পুৱা মহোৎসৱৰ মূল তোৰণ উন্মোচনেৰে কাৰ্যসূচীৰে শুভাৰম্ভ কৰে চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাসপাটোৱাৰীয়ে।

Advertisment

ইয়াৰ পাছত মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিধায়ক ধর্মেশ্বৰ কোঁৱৰে। ইয়াৰ পাছত স্মৃতি তৰ্পণ, স্বৰ্গদেউসকললৈ শ্রদ্ধাঞ্জলি অর্পণ আৰু বান-ফি পূজা হয় ।

দুপৰীয়া গ্রন্থমেলা আৰু বিপনী, পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য মেলা উদ্বোধন হ'ব। দুপৰীয়া সাংসদ তপন কুমাৰ গগৈয়ে মহোৎসৱৰ মঞ্চ শুভ উদ্বোধন কৰাৰ পাছত শুভ উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰিব শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্রম যাদবে।

সন্ধিয়া স্বর্গদেউ চাওলুং চুকাফাৰ সমাধিস্থলীত ১০১ গচি বস্তি প্রজ্বলন কৰাৰ পাছত "চে-ৰাই-ডয়" শীৰ্ষক তথ্যচিত্র প্রদর্শনৰ বাবে উন্মোচন কৰিব অসম প্রত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড০ দিপীৰেখা কুলীয়ে। সন্ধিয়া স্থানীয় আৰু জিলাৰ শিল্পীসকলৰ দ্বাৰা  সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

Also Read: বিহপুৰীয়াৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, সাহিত্যিক, সাংবাদিক যাদৱ শৰ্মাৰ বিয়োগ...

চৰাইদেউ মহোৎসৱ