বিহপুৰীয়াৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, সাহিত্যিক, সাংবাদিক যাদৱ শৰ্মাৰ বিয়োগ...

বিহপুৰীয়াৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, সাহিত্যিক, সাংবাদিক যাদৱ শৰ্মাৰ বিয়োগ...
বিহপুৰীয়াৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, সাহিত্যিক, সাংবাদিক যাদৱ শৰ্মাৰ বিয়োগ...

ডিজিটেল সংবাদ বিহপুৰীয়া: বিহপুৰীয়াৰ বিশিষ্ট শিক্ষাবিদ,সমাজকৰ্মী,সাহিত্যিক তথা সাংবাদিক যাদৱ শৰ্মা(৭৩) ৰ আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ত চিকিৎসাধীন অৱস্থাতে পৰলোকপ্ৰাপ্তি ঘটাত সমগ্ৰ বিহপুৰীয়া অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে ৷ বিহপুৰীয়া লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তথা বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যাদৱ শৰ্মা শৈক্ষিক ক্ষেত্ৰখনৰ লগতে বিহপুৰীয়াৰ সমাজ জীৱনৰ লগতো ওতঃপ্ৰোতঃভাৱে জড়িত আছিল ৷

বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক, বিহপুৰীয়া প্ৰেছ ক্লাৱ আৰু বিহপুৰীয়া শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যাদৱ শৰ্মা বিহপুৰীয়া পৌৰ সভাৰো প্ৰাক্তন মনোনীত সদস্য আছিল ৷ আছাম ট্ৰিবিউন,দৈনিক জনসাধাৰণ আদি বিভিন্ন বাতৰি কাকতত বিহপুৰীয়াৰ পৰা সংবাদসেৱা আগবঢ়োৱা যাদৱ শৰ্মা এগৰাকী সু-সাহিত্যিক হিচাবেও পৰিচিত আছিল ৷

মৃত্যু পৰ্যন্ত বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাবে কাৰ্যনিৰ্বাহ কৰা যাদৱ শৰ্মাৰ বিয়োগত বিহপুৰীয়া প্ৰেছ ক্লাব,বিহপুৰীয়া শাখা সাহিত্য সভা, লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়, স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়, সন্মিলিত নাট্য সমাজ, বিহপুৰীয়া পৌৰসভা আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷

মৃত্যুৰ সময়ত শৰ্মাই পত্নীসহ একমাত্ৰ পুত্ৰ তথা প্ৰশাসনিক বিষয়া মাধুৰ্য্য পৰাশৰ, বোৱাৰী, একমাত্ৰ বিবাহিতা জী আৰু নাতি নাতিনী সহ বহুটো আত্মীয়ক ইহসংসাৰত এৰি থৈ যায় ৷

বিহপুৰীয়াৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, সাহিত্যিক, সাংবাদিক যাদৱ শৰ্মাৰ বিয়োগ...
মঙলদৈত মটৰ শ্ৰমিকৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in