সম্প্ৰীতিৰ নিদৰ্শন : চৰাইদেউৰ চফ্ৰাইত সমূহীয়া ইফতাৰ...

চৰাইদেউ জিলাৰ চফ্ৰাই জুম্মা মছজিদত চফ্ৰাই দিচাং আলি জামাতৰ উদ্যোগত তথা চফ্ৰাই ন-মছজিদ আৰু বৰপথাৰ জামাতৰ সহযোগত ইফতাৰ

author-image
Asomiya Pratidin
New Update
সম্প্ৰীতিৰ নিদৰ্শন : চৰাইদেউৰ চফ্ৰাইত সমূহীয়া ইফতাৰ...

ডিজিটেল সংবাদ, চৰাইদেউ : চৰাইদেউ জিলাৰ চফ্ৰাই জুম্মা মছজিদত চফ্ৰাই দিচাং আলি জামাতৰ উদ্যোগত তথা চফ্ৰাই ন-মছজিদ আৰু বৰপথাৰ জামাতৰ সহযোগত অনুষ্ঠিত হৈ থকা ৪০ দিনীয়া আহমদীয়া খানকাৰ শুকুৰবাৰে সফলভাৱে সামৰণি পৰে। এই কাৰ্যসূচীত ১৫ জন লোকো ধৰ্মীয় ৰীতি-নীতিৰে এতেকাফ সম্পূৰ্ণ কৰে। খানকাহৰ কাৰ্যসূচীত পৱিত্ৰ ৰমজান মাহৰ ৩০ দিনেই সমূহীয়া ইফতাৰত প্ৰতিদিনে শতাধিক ৰোজাদাৰে অংশগ্ৰহণ কৰে।

Advertisment

এই সমূহীয়া ইফতাৰৰ কাৰ্যসূচীত সদৌ অসম বিডিঅ সন্থাৰ সভাপতি ৰঞ্জিত বুঢ়াগোহাঁই, সমাজকৰ্মী উৎপল গগৈ, সমাজকৰ্মী দিলীপ কোঁৱৰ, মণিদ্বীপ মহন, ৰতন গুপ্তকে ধৰি ভালে কেইজন গণ্য মান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে। হোজাইৰ শ্বেখ মৌলানা হজৰত চৰিফউদ্দিন চৌধুৰীৰ তত্বাৱধানত অনুষ্ঠিত হোৱা ৪০ দিনীয়া আহমদীয়া খানকাহ ঈদ ঊল ফিটৰৰ আগদিনা সন্ধিয়া সফল সামৰণি পৰিব।

Also Read: উৎকত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সহজ উপায়...

charaideo