/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/045c69b5-dc94-4178-8586-e93b45cff81c/dhemaji_18.jpg)
ধেমাজিত সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা আৰম্ভ...
ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি ৰে'লৱে ষ্টেচন ইউনাইটেড ক্লাৱৰ উদ্যোগত ৰূপনাথ ব্ৰহ্ম হাইস্কুল খেলপথাৰত প্ৰথম বাৰ্ষিক আমন্ত্ৰণমূলক ফুটবল “ৰাইন কাপ-২০২৩'' প্ৰতিযোগিতা শনিবাৰৰ পৰা আৰম্ভ হৈছে ৷ বিয়লি ২.৩০ বজাত আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে ধেমাজিৰ বিশিষ্ট সমাজসেৱকে নীপ কোঁৱৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9566d856-65bd-40b4-8b36-6ef661305bab/34c36b43_858e_445b_989e_11807b243890.jpg)
উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱা, ধেমাজি মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ যোগেন দাস, ধেমাজি জিলা ক্ৰীড়া সন্হাৰ সম্পাদক যতীন বুঢ়াগোহাঁই, ৰূপনাথ হাইস্কুলৰ প্ৰধান শিক্ষক লেখামোহন দিহিঙীয়া, ধেমাজি তাই আহোম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক পংকজ বৰগোহাঁই, জিলা ক্ৰীয়া সন্থাৰ ফুটবল শাখাৰ সম্পাদক টুলটুল বৰগোহাঁই আৰু ভূমি সংৰক্ষণ বিভাগৰ ৰেঞ্জাৰ দেৱব্ৰত শইকীয়াই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a64a50e2-1bcc-4828-926b-54e040e03675/87ce390d_ff69_403b_ac4b_e73bc1aec840.jpg)
আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাখনত অসমৰ কেইবাখনো জিলাৰ মুঠ ১৬ টা প্ৰতিযোগীদলে অংশগ্ৰহণ কৰা শনিবাৰৰ উদ্বোধনী খেলখনত গোগামুখৰ জি এম এচ ফুটবল ক্লাৱক হাৰমতি টুলিপ স্প'ড একাডেমীয়ে ট্ৰাইব্ৰেকাৰ পদ্ধতিৰে ৩-২ গ'লত পৰাজিত কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3365785f-0d27-4ffa-a718-c629bd0803f2/9220eb5e_da94_474e_80de_85f56c5db45c.jpg)
Also Read: শ্ৰীকৃষ্ণৰ ৰাসোৎসৱকলৈ তিতাবৰৰ ৰজাবাহৰত উখল-মাখল পৰিবেশ...