চৰাইদেউত আটছাৰ সংবাদমেল

চৰাইদেউ পৰ্বত চাহ বাগিচাত অনিৰ্দিষ্টকাললৈ লক আউট ঘোষণা কৰে

author-image
Asomiya Pratidin
New Update
চৰাইদেউত আটছাৰ সংবাদমেল

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউত আটছাৰ সংবাদমেল। পশ্চিম বংগৰ দাৰ্জিলিং অৰ্গেনিক টি ইষ্টেট প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ মালিকানাধীন চৰাইদেউ পৰ্বত চাহ বাগিচাত যোৱা ২৯ জুলাইত বাগিচাখনৰ কৰ্তৃপক্ষই অনিৰ্দিষ্টকাললৈ লক আউট ঘোষণা কৰে। ফলত শ শ শ্ৰমিক আৰু কৰ্মচাৰীৰ হাহাকাৰ অৱস্থাত হোৱাৰ বাবেই এই সংবাদমেল আটাছাৰ ৷

এই সন্দৰ্ভত শুকুৰবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ চৰাইদেউ জিলা সমিতিয়ে সংবাদমেল অনুষ্ঠিত ক্ষোভ প্ৰকাশ কৰি জিলা প্ৰশাসন আৰু শ্ৰম মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে। বাগিছাখনত অতিশীঘ্ৰে লক আউট প্ৰত্যাহাৰ কৰিবলৈ দাবী আটাছাৰ৷ চাহ কোম্পানীটোৱে লক আউট ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা অচলাৱস্থা বাবে সংগঠনটোৱে শ্ৰম বিভাগ তথা প্ৰশাসন আৰু চৰকাৰক জগৰীয়া কৰিছে ৷

উল্লেখ্য যে, লক আউট প্ৰত্যাহাৰৰ দাবীত এলানি প্ৰতিবাদী কাৰ্যসূচী হাত লোৱা বুলি সংগঠটোৱে সংবাদমেল জৰিয়তে জানিবলৈ দিয়ে।

Also Read: কাৰ্বি আংলঙৰ উমৰাংছ’ত ভয়ংকৰ দুৰ্ঘটনা

All Assam Tea Tribes Students Union