সন্ধানহীন চৰাইদেউৰ যুৱক, চিন্তিত পৰিয়াল...

সন্ধানহীন চৰাইদেউৰ যুৱক, চিন্তিত পৰিয়াল...

ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এজন যুৱক সন্ধানহীন। যাৰ বাবে চিন্তিত হৈ পৰিছে পৰিয়ালৰ সদস্যসকল। ৷সন্ধানহীন হৈ থকা যুৱকজন মথুৰাপুৰ ভকত গাঁও নিবাসী নকুল গগৈৰ পুত্ৰ ত্ৰিনয়ন গগৈ (৩০)ৰ ৷

বৰ্তমান যুৱকজনৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ সদস্যই। প্ৰাপ্ত বাতৰি মতে ত্ৰিনয়ন গগৈয়ে চলিব বৰ্ষৰ ২০ এপ্ৰিলত ঘৰৰ পৰা দেৰগাঁৱত কাম কৰিবলৈ বুলি অকলে ওলাই গৈছিল ৷ যুৱকজন ঘৰৰ পৰা যোৱাৰ কিছুদিনলৈ পৰিয়ালৰ লগত যোগাযোগ আছিল যদিও পৰৱৰ্তী সময়ত যোগাযোগ নোহোৱা হয়।

যুৱকজনৰ ফোন চুইটছ অফ পোৱাৰ পাছৰে পৰা পৰিয়ালৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। দুৰ্ভগীয়া পৰিয়ালটোৱে একমাত্ৰ পুত্ৰৰ কোনো সন্ধান লাভ নকৰাত উপায় বিহীন হৈ মথুৰাপুৰ আৰক্ষী কাষ চাপিছে ৷ এই সন্দৰ্ভত পিতৃ নকুল গগৈয়ে যোৱা ২১ নৱেম্বৰত আৰক্ষীক এজাহাৰ দাখিল কৰিছে ৷ অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই।

সন্ধানহীন চৰাইদেউৰ যুৱক, চিন্তিত পৰিয়াল...
হাইলাকান্দিত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in