আলফালৈ গমন এগৰাকী কলেজীয়া ছাত্ৰীৰ, হোৱাটছএপ যোগে জনালে পৰিয়ালক...

চৰাইদেউৰ মাহমৰাৰ পৰা সন্ধানহীন এগৰাকী কলেজীয়া ছাত্রী

author-image
Asomiya Pratidin
New Update
আলফালৈ গমন এগৰাকী কলেজীয়া ছাত্ৰীৰ, হোৱাটছএপ যোগে জনালে পৰিয়ালক...

ulfa

ডিজিটেল ডেস্ক : চৰাইদেউৰ মাহমৰাৰ পৰা সন্ধানহীন এগৰাকী কলেজীয়া ছাত্রী। উল্লেখ্য যে হোৱাটছএপ যোগে ছাত্ৰীগৰাকীয়ে আলফালৈ যোৱা বুলি বাৰ্তা প্ৰেৰণ কৰাৰ পাছতেই চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। এক অচিনাকি নম্বৰযোগে আলফালৈ যোৱা বুলি বাৰ্তা প্রেৰণ কৰিছিল পৰিয়াললৈ।

Advertisment

উল্লেখ্য যে ২৮ নৱেম্বৰৰ দুপীৰায়া ঘৰৰ পৰা ওলাই গৈছিল অৰ্পিতা গগৈ নামৰ ছাত্ৰীগৰাকী। এসপ্তাহ ধৰি কোনো শুংসূত্র নাই অৰ্পিতা গগৈ নামৰ ছাত্রীগৰাকীৰ। ছাত্ৰীগৰাকীৰ সন্ধান নোপোৱাত পৰিয়ালৰ লোকে কাকতিবাৰী আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ।

কিন্তু কাকতিবাৰী আৰক্ষী থানাই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অৰ্পিতাৰ পৰিয়ালে। সন্ধানহীন ছাত্রী গৰাকীক উদ্ধাৰৰ বাবে পৰিয়ালৰ লোকে আহ্বান জনাইছে চৰাইদেউ জিলা প্রশাসনক।

আৰু পঢ়ক : মঙলদৈত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, জুইত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী...

assam ulfa student charideo