পুখুৰীত মাছ নহয়ঃ ওলাইছে বটলে বটলে বিলাতী সুৰা…

পুখুৰীত মাছ নহয়ঃ ওলাইছে বটলে বটলে বিলাতী সুৰা…

author-image
asomiyapratidin
New Update
পুখুৰীত মাছ নহয়ঃ ওলাইছে বটলে বটলে বিলাতী সুৰা…

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ সোনাৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰজাপুখুৰীত দেওবাৰে পুৱা উদ্ধাৰ কৰে কাৰ্টুনে কাৰ্টুনে বিলাতী সুৰাৰ বটল । এখন দোকানৰ পাছফালে এটা পুখুৰীত পেলাই ৰখা বিলাতী সুৰাখিনি গোপন সূত্ৰৰ পম খেদি অনুসন্ধান চলাই আৰক্ষীয়ে।

অভিযানত প্ৰায় ২০০ টাৰো অধিক বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । পুখুৰীটোৰ মাজ ভাগত আৰু সুৰাৰ বটল থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে আৰু তদন্ত অব্যাহত ৰাখিছে। সুৰাখিনি এগৰাকী মহিলাৰ আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে বৰ্তমান মহিলা গৰাকীক আটক কৰা বুলি জানিব পৰা গৈছে ।

আৰু পঢ়ক :মানকাচৰত বৈজ্ঞানিক পদ্ধতিৰে ধান ৰোপন কৰা যন্ত্ৰ মুকলি…

assam himanta biswa sarma bjp Assam police