মানকাচৰত বিধায়কে উদ্বোধন কৰিলে এপাৰ্ট আঁচনিৰ ধান চপোৱা মেচিন...

দেওবাৰে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আনুষ্ঠানিকভাবে মুকলি কৰে
mankachar aminul islam
mankachar aminul islam

ডিজিটেল সংবাদ, মানকাচৰ : অসম চৰকাৰৰ এপাৰ্ট আঁচনিৰ জৰিয়তে হাটশিঙিমাৰী ফাৰমাৰ্চ প্ৰডাক্ট কোম্পানী চমুকৈ এফ পি চিয়ে কৃষকৰ বাবে অনা ধান চপোৱা মেচিন দেওবাৰে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আনুষ্ঠানিকভাবে মুকলি কৰে।

কম্বাইন হাৰ্বেষ্টাৰ নামৰ ধান চপোৱা মেচিনৰ দ্বাৰা কৃষক সকলে এক বিঘা ভূমিত মাত্ৰ ১৫০০ টকা খৰচ কৰি এতিয়াৰ পৰা পথাৰৰ ধান চপাবলৈ সক্ষম হ'ব। এই কম্বাইন হাৰ্বেষ্টাৰৰ দ্বাৰা পথাৰৰ ধান কটাৰ লগতে মৰণা মাৰি ধান বস্তাত ভৰাই পেকেট কৰি দিয়াৰ সুবিধা কৃষক সকলে লাভ কৰিব।

সাধাৰণতে কৃষক সকলে পথাৰৰ ধান চপাবলৈ এক বিঘা ভূমিত প্ৰায় ৩ হাজাৰ টকা খৰচ হয় যদিও এই মেচিনৰ দ্বাৰা ধান চপালে মাত্ৰ ১৫০০ টকাত ধান চপোৱা কাম সম্পন্ন হ'ব। এক ঘণ্টাত প্ৰায় তিনি বিঘা ধান চপাবলৈ সক্ষম হয় এই যন্ত্ৰটোৱে। ফলত কৃষক সকলে কম সময়ত কম খৰচ কৰি অধিক লাভাম্বিত হ'ব পাৰিব।

মন কৰিবলগীয়া যে হাটশিঙিমাৰী এফ পি চিয়ে এই ধান কটা মেচিনৰ লগতে কৃষক সকলৰ সুবিধাৰ বাবে বহুকেইখন আঁচনি হাতত লৈছে। কৃষক সকলে কম খৰচত অধিক লাভাম্বিত হোৱাৰ বাবে এফ পি চিয়ে দীৰ্ঘদিনৰ পৰা জিলাখনত কাম কৰি আহিছে।

এনেকি পেপচিকো কোম্পানীৰ সৈতেও কৃষক সকলে এফ পি চিৰ জৰিয়তে চুক্তিবদ্ধ আলু খেতি কৰিবলৈ সুবিধা প্ৰদান কৰা হৈছে। একেদৰে ধান, সৰিয়হ, মৰাপাট, মাটিমাহ আদিৰ বীজ প্ৰস্তুত কৰিবলৈ কৃষক সকলে এফ পি চিৰ সৈতে চুক্তিবদ্ধ খেতি কৰিবলৈ ব্যৱস্থাও গ্ৰহণ কৰিছে।

যাৰ দ্বাৰা কৃষক সকলে বজাৰ মূল্যতকৈ অধিক দামত বীজ এফ পি চিৰ ওচৰতে বিক্ৰী কৰিব পাৰিব বুলি হাটশিঙইমাৰী এফ পি চিৰ সঞ্চালক মইনুল হকে জানিবলৈ দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in