বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিশে চৰাইদেউ মৈদাম ! শনিবাৰে উপস্থিত হ'ব ইউনেস্কৰ দল

চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাবনে ? শনিবাৰে চৰাইদেউ মৈদাম পাবহি ইউনেস্কৰ দল। টাই পৰম্পৰাগত নীতিনিয়মে সম্পন্ন ডাম-ফি পূজা...

author-image
Asomiya Pratidin
New Update
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিশে চৰাইদেউ মৈদাম ! শনিবাৰে উপস্থিত হ'ব ইউনেস্কৰ দল

ডিজিটেল সংবাদ, চৰাইদেউঃ অসমবাসীয়ে মনপ্ৰাণে কামনা কৰি অহা এক ইপ্সিত বাতৰি ইতিবাচক দিশত আগবাঢ়িছে। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত শনিবাৰে পুৱাৰ ভাগত ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰত আহি উপস্থিত হ'ব ইউনেস্কৰ বিশেষজ্ঞ প্ৰতিনিধি। ৩দিন মৈদামক্ষেত্ৰ ভ্ৰমণ কৰি বিশেষজ্ঞ দলটোৰ প্ৰতিনিধিয়ে তথ্য আৰু সমল সংগ্ৰহৰ লগতে মৈদামৰ ঐতিহাসিক গুৰুত্ব বিচাৰ কৰি ইয়াৰ ওপৰত দাখিল কৰিব প্ৰতিবেদন। প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই চৰাইদেউ মৈদামক্ষেত্ৰই ইউনেস্কৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ দিশে আগবাঢ়িছে।

Advertisment

এনে প্ৰেক্ষাপটত ইউনেস্কৰ বিশেষজ্ঞ প্ৰতিনিধিৰ যাত্ৰা সফলতা কামনা কৰাৰ লগতে বিশ্ব দৰবাৰত মৈদামক্ষেত্ৰ জিলিকি উঠাৰ কামনা কৰি শুকুৰবাৰে পুৱাৰ ভাগত মৈদাম ক্ষেত্ৰত এক ধৰ্মীয় পূজা অৰ্চনা সম্পন্ন কৰা হয়। চৰাইদেউ মৈদাম তৰ্পণ সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত বুৰঞ্জীবিদ পদ্মশ্ৰী ড° যোগেন্দ্ৰ নাথ ফুকনৰ তদাৰকত মৈদামক্ষেত্ৰত বান-ফি-পূজা সম্পন্ন হয়। শনিবাৰে বিয়লি ৩বজাত উত্তৰ-পূৱ এছিয়াৰ ইউনেস্কৰ বিশেষজ্ঞ প্ৰতিনিধি চিংগাপুৰৰ লিম চিং চিয়াঙসহ দলটো মৈদামক্ষেত্ৰত উপস্থিত হোৱা পাছতেই নিশ্চিত হ'ব চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি স্থান লাভ কৰিবলৈ সক্ষম হ'বনে নাই ৷

মৈদামক্ষেত্ৰত উপস্থিত হৈ ড'ছিয়াৰত চিহ্নিত কৰা ক'ৰ জ'ন ৯৫.২ হেক্টৰ ভূমি আৰু বাফাৰ জ'নত থকা প্ৰায় ৬শ বিঘা ভূমিত সিঁচৰতি হৈ থকা আহোম ৰাজত্বকালৰ বিভিন্ন সমল, পুখুৰী আৰু মৈদামসমূহৰ ঐতিহাসিক গুৰুত্ব মূল্যায়ন কৰিব ইউনেস্কৰ বিশেষজ্ঞগৰাকীয়ে। অহা ৯ অক্টোবৰৰ বিয়লি পৰ্যন্ত বিশেষজ্ঞগৰাকীয়ে মৈদাম এলেকাৰ বিভিন্ন তথ্য, সমল সংগ্ৰহ, অধ্যয়ন কৰি চিংগাপুৰলৈ ৰাওনা হ'ব। বিশেষজ্ঞগৰাকীয়ে মৈদামক্ষেত্ৰৰ ক'ৰ জ'নত থকা বিস্তীৰ্ণ অঞ্চলৰ লগতে বাফাৰ জ'নত থকা ঐতিহাসিক ঠাই, মৈদাম আৰু পুখুৰী আদি পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বিশেষকৈ বাফাৰ জ'নত থকা বৰগোঁহাই পুখুৰী, ৪টা কুঁৱৰী মৈদাম, চাংমাই শাল, ৰজামৈদাম, শ-নিয়া আলি, মৈদাম নং ২, ৯, ১৪, ১৫, ১৬, লাংকুৰি দেওশাল, চুকাফা মৈদাম, যুৰীয়া মৈদাম, ফুলেশ্বৰী কুঁৱৰীৰ মৈদাম আদি বিশেষজ্ঞগৰাকীয়ে পৰিদৰ্শন কৰাটো নিশ্চিত হৈ পৰালৈ চাই এই প্ৰতিটো ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিছে সংশ্লিষ্ট কৰ্তৃপক্ষই ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে এইবাৰ ঐতিহাসিক চৰাইদেউক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ টেগৰ বাবে মনোনীত কৰিছে ৷ ইউনেস্ক’ৰ দ্বাৰা চৰাইদেউয়ে বিশ্ব ঐতিহ্য ঠাইৰ সন্মান লাভ কৰিলে অসমৰ প্ৰথম বিশ্ব ঐতিহাসিক ক্ষেত্ৰ হিচাপে পৰিগণিত হ’ব চৰাইদেউ ৷

Also Read: নাৰী মুক্তিৰ কথাৰে কাৰাগাৰৰ বাসিন্দা হোৱা যুৱতীলৈ ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল...

চৰাইদেউ মৈদাম