ভাৰতৰ পৰা একমাত্ৰ চৰাইদেউ মৈদামৰ নাম প্ৰেৰণ কৰা হ'ব ইউনেস্ক'লৈ...

বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভূক্ত হ'ব চৰাইদেউ মৈদামৰ নাম। ইতিমধ্যে ইউনেস্কলৈ চৰাইদেউ মৈদামৰ নাম প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ পৰা একমাত্ৰ চৰাইদেউ মৈদামৰ নাম প্ৰেৰণ কৰা হ'ব ইউনেস্ক'লৈ...

ডিজিটেল ডেস্ক: বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভূক্ত হ'ব চৰাইদেউ মৈদামৰ নাম। ইতিমধ্যে ইউনেস্ক'লৈ চৰাইদেউ মৈদামৰ নাম প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Advertisment

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি এই কথা জনায়। তেওঁ কয় যে কালি প্ৰধানমন্ত্ৰী কাৰ্যলয়ৰ পৰা তেওঁক এই সিদ্ধান্তৰ বিষয়ে জনায়। নিয়ম অনুসৰি ভাৰতৰ হৈ একমাত্ৰ চৰাইদেউ মৈদামৰ নাম ইউনেস্ক'লৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

অসম চৰকাৰে কিছু বছৰৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে চৰাইদেউ মৈদামক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত চেষ্টা কৰি আহিছে। ২০১৪ চনৰ পৰা ইয়াৰ চেষ্টা চলাই আহিছিল চৰকাৰে।

আজিৰ দিনত দেশত প্ৰায় ৫২ টা ঐতিহাসিক ক্ষেত্ৰ আছে। এই আটাইকেইখন ক্ষেত্ৰয়েই বৰ্তমান প্ৰতিযোগীতাত আছে। কিয়নো এখন সদস্য ৰাষ্ট্ৰই কেৱল এটা নামহে প্ৰেৰণ কৰিব পাৰে। আৰু এইবাৰ অসমৰ হৈ চৰাইদেউ মৈদামৰ নাম প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

আৰু পঢ়ক: হাতত কেনুলা, ভৰিত বস্তাৰে বন্ধা অৱস্থাত উদ্ধাৰ মৃতদেহ...

himanta biswa sarma narendra modi charaideo unesco