মথুৰাপুৰত ঝুমইৰ সন্মিলনৰ লাইখুঁটা স্থাপন

চৰাইদেউ জিলা ভিত্তিত মথুৰাপুৰত দুদিনীয়াকৈ আয়োজন কৰা ঝুমইৰ সন্মিলনৰ মঙলবাৰে লাইখুঁটা স্থাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত  ঝুমইৰ সন্মিলনৰ লাইখুঁটা স্থাপন

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলা ভিত্তিত মথুৰাপুৰত দুদিনীয়াকৈ আয়োজন কৰা ঝুমইৰ সন্মিলনৰ মঙলবাৰে লাইখুঁটা স্থাপন কৰা হয় ৷ লাইখুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি ললিত তেলীয়ে ৷ আটছাৰ মথুৰাপুৰ উপ-শাখাৰ উদ্যোগত আৰু স্থানীয় মথুৰাপুৰ, মাইবেলা আৰু নিমনাগড় চাহ মজদুৰ সংঘৰ সহযোগ অহা ২ আৰু ৩ চেপ্তেম্বৰ অনুষ্ঠিত হ’ব এই সন্মিলন ৷

মথুৰাপুৰ ৰাজহুৱা মণ্ডপ প্ৰাংগনত দুদিনীয়াকৈ হ’বলগীয়া ঝুমইৰ সন্মিলনখনি সূচাৰুৰূপে পৰিচালনা কৰা উদ্দেশ্য ইতিমধ্যে ললিত তেলীক সভাপতি, ৰাধু চৌধুৰীক কাৰ্যকৰী সভাপতি আৰু বাসুদেৱ কুমাৰক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে ৷ দুয়ো দিনৰ কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিত কামনা কৰিছে উদ্যোক্তাই ৷

Also Read: স্বাধীনতা দিৱসৰ দিনাই অঘটনঃ ফুৰিবলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু এজনৰ

charaideo