/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/59aebf23-f60b-4a4c-aee0-20de64557e12/Free_Health_Camp.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ সমীপৰ মাজগাঁও স্থিত বয়োজ্যেষ্ঠ আশ্ৰমত মঙলবাৰে ভাৰতীয় সেনা বাহিনীয়ে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে ৷ সেনাৰ অভিজ্ঞ চিকিৎসকে পুৱাৰে পৰা আশ্ৰমত থকা আবাসীসকলৰ লগতে স্থানীয় লোকক চিকিৎসা সেৱা আগবঢ়ায় ৷ এই চিকিৎসা শিবিৰলৈ অঞ্চলটো বহু লোকে বিনামূলীয়া চিকিৎসা কৰিবলৈ হেতা-ওপৰা লগায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/8cf6e9a2-0008-4581-896f-096a901159c5/WhatsApp_Image_2023_04_25_at_12_44_53_PM.jpeg)
শতাধিক লোকক বিনামূলীয়া চিকিৎসা গ্ৰহণ কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে সেনাই ৷ ভাৰতীয় সেনা বাহিনীৰ এনে পদক্ষেপক অঞ্চলবাসীয়ে আদৰণি জনায় ৷ ভাৰতীয় সেনা বাহিনী জয়পুৰস্থিত কেম্পৰ উদ্যোগত অনুষ্ঠিত হয় এই চিকিৎসা শিবিৰ৷
Also Read: উৎফুল্লিত ৰাজ্যবাসী : সাদিন-প্ৰতিদিন গোষ্ঠীলৈ শুভেচ্ছাৰ বৰষুণ...