জাতি-জনগোষ্ঠীৰ মহামিলনৰ তীৰ্থত পৰিণত হ’ল চৰাইদেউ মহোৎসৱ বাকৰি...

চৰাইদেউৰ স্থানীয় ৰাইজৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মৈদামত অনুষ্ঠিত হয় চৰাইদেউ মহোৎসৱ।
জাতি-জনগোষ্ঠীৰ মহামিলনৰ তীৰ্থত পৰিণত হ’ল চৰাইদেউ মহোৎসৱ বাকৰি
জাতি-জনগোষ্ঠীৰ মহামিলনৰ তীৰ্থত পৰিণত হ’ল চৰাইদেউ মহোৎসৱ বাকৰি

ডিজিটেল ডেস্ক: চৰাইদেউৰ স্থানীয় ৰাইজৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মৈদামত অনুষ্ঠিত হয় চৰাইদেউ মহোৎসৱ। মহোৎসৱৰ লগত সংগতি ৰাখি গ্ৰন্থ বিপণী, জনগোষ্ঠীয় খাদ্য মেলা, বাণিজ্য মেলা আদিৰো আয়োজন কৰা হয়। উখল-মাখল পৰিৱেশে বিৰাজ কৰে ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰ।

আজি চৰাইদেউ মহোৎসৱৰ অন্তিমটো দিন। সোমবাৰৰ এই অন্তিম দিনটোত বাহিৰ কৰা হয় বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত জিলিকিল অসমৰ ভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশগ্ৰহণৰে মহামিলনৰ তীৰ্থত পৰিণত হ’ল মহোৎসৱস্থলী ৷ এই বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সহস্ৰাধিক ৰাইজৰ মন মুগ্ধ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ যোগ্য যে, জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস আৰু কৌতুক অভিনেতা অতুল পাচনীয়ে আনুষ্ঠানিকভাৱে সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে ৷ মহোৎসৱৰ লগত সংগতি ৰাখি ৰংঘৰৰ আৰ্হিত আটকধুনীয়াকৈ সাজি উলিওৱা হয় মহোৎসৱৰ মূল তোৰণ। ইফালে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা মহোৎসৱত বিপনী- জনগোষ্ঠীয় খাদ্য মেলালৈ ৰাইজৰ বিপুল সঁহাৰিয়ে উৎফুল্লিত কৰিছে মহোৎসৱ কতৃপক্ষক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in