/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/183709a1-b559-4204-89fb-2462e9023db8/jhumur.jpg)
ডিজিটেল সংবাদ,চৰাইদেউ : চৰাইদেউ জিলা ভিত্তিত মথুৰাপুৰত দুদিনীয়াকৈ ঝুমইৰ সন্মিলন আয়োজন কৰা হৈছে ৷ আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি আটছাৰ মথুৰাপুৰ উপ-শাখাৰ উদ্যোগত আৰু স্থানীয় মথুৰাপুৰ,মাইবেলা আৰু নিমনাগড় চাহ মজদুৰ সংঘৰ সহযোগ অহা ২ আৰু ৩ চেপ্তেম্বৰ অনুষ্ঠিত হ’ব এই সন্মিলন ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/14244c3f-2738-4f61-93cc-5c14ecae72c8/c9d7b8f0_2101_44c8_9809_19bdf84cc793.jpg)
মথুৰাপুৰ ৰাজহুৱা মণ্ডপ প্ৰাংগনত দুদিনীয়াকৈ হ’বলগীয়া ঝুমইৰ সন্মিলনখনি সুচাৰুৰূপে পৰিচালনা কৰা উদ্দেশ্য ইতিমধ্যে ললিত তেলীক সভাপতি ৰাধু চৌধুৰীক কাৰ্যকৰী সভাপতি আৰু বাসুদেৱ কুমাৰক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে ৷ সেয়ে উদ্যোক্তাই দুয়োটা দিনৰ সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিত কামনা কৰিছে ৷
Also Read: বলিউড বিখ্যাত খান পৰিয়ালঃ নিজ পৰিয়ালৰ সন্দৰ্ভত আৰবাজ খানৰ মত