/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a6b06229-2d59-4b81-93df-aaa8f77b043b/ARBaz.jpg)
ডিজিটেল ডেস্কঃ বলীউদৰ খ্যাতনামা পৰিয়ালসমূহৰ ভিতৰত খান পৰিয়াল অন্যতম। তিনিওজনকৈ জনপ্ৰিয় অভিনেতা জন্ম দিয়াৰ উপৰিও খান পৰিয়াল বিখ্যাত তেওঁলোকৰ পৰিয়ালৰ মাজত থকা একতাৰ বাবেও। শেহতীয়াকৈ এই সন্দৰ্ভতে বলীউড বাবলৰ সৈতে হোৱা সাক্ষাৎকাৰত চলমান খানৰ ভাতৃ আৰবাজ খানে কয় যে- তেওঁলোকৰ পৰিয়ালত সদাইৱে সম্পৰ্কক প্ৰথম স্থান দিয়া হয়। তেওঁৰ পিতৃ চলিম খানে মোহময়ী অভিনেত্ৰী হেলেনৰ সৈতে দ্বিতীয় বিবাহ কৰাৰ পিছতো তেওঁলোকৰ সম্পৰ্কত কোনো পৰিৱৰ্তন অহা নাছিল।
আৰবাজ খানে মাতৃ ছালমা খান আৰু হেলেনৰ সৈতে থকা সম্পৰ্কৰ কথাও উক্ত সাক্ষাৎকাৰতিত জনায়। জনপ্ৰিয় অভিনেতাগৰাকীয়ে পৰিয়ালত হেলেনৰ আগমনে তেওঁৰ শৈশৱৰ দিনক কেনেদৰে গঢ় দিছিল সেই সন্দৰ্ভতো তেওঁৰ চিন্তাধাৰা ব্যক্ত কৰে। আৰবাজ খানে কয় যে- তেওঁৰ পিতৃ চেলিম খানে কেতিয়াও সন্তানৰ ওপৰত হেলেন আৰু তেওঁৰ সম্পৰ্কতো জাপি দিয়া নাছিল। হেলেনেও তেওঁলোকক পিতৃৰ মৰমৰ পৰা বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰা নাছিল।
নিজৰ চিন্তাধাৰাৰ বিশদ বিৱৰণ দি আৰবাজ খানে বলীউড বাবলক কয়, "মোৰ দেউতাই কেতিয়াও আমাৰ ওপৰত হেলেন আণ্টিক জাপি দিয়া নাছিল। তেওঁ জানিছিল যে আমাৰ মা আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, আৰু তেওঁৰ জীৱনত আন এগৰাকী মহিলাও আছে, কিন্তু মাৰো নিজৰ স্থান আছে আৰু সেইয়া হেলেন আণ্টিৰ কেতিয়াও নহয়"। তেওঁ লগতে কয় যে, হেলেনে তেওঁলোকৰ সম্পৰ্কত কেতিয়াও ব্যাঘাত জন্মাব বিচৰা নাছিল। তেওঁৰ জীৱনত যে তেওঁৰ যত্ন লব পৰাকৈ মানুহ আছে সেইবাবে তেওঁ যঠেষ্ট সুখী।
সাক্ষাৎকাৰৰ সময়ত আৰবাজে খানে তেওঁৰ পিতৃৰ জীৱনত থকা আন এগৰাকী মহিলা হেলেনৰ সৈতে মাতৃ ছালমা খানে কেনে ব্যৱহাৰ কৰিছিল সেই বিষয়েও মুকলিকৈ কয়। আৰবাজে কয় যে, সেই সময়ত তেওঁৰ মাতৃৰ বাবে অতি কঠিন সময় আছিল, কিন্তু তেওঁ নিজৰ ধৰণেৰে মোকাবিলা কৰিছিল।সমান্তৰালভাৱে হেলেনৰো নিজস্ব এখন যুজঁ আছিল। কিন্তু তেওঁৰ পিতৃ-মাতৃয়ে ইজনে সিজনৰ আভ্যন্তৰীণ যুদ্ধখনত সংগ দিছিল আৰু বৰ্তমানেও তেওঁলোক এটি সুন্দৰ সম্পৰ্কত আছে।
হেলেনৰ পূৰ্বে চেলিম খানে ছালমা খানক বিয়া কৰাইছিল।চেলিম খান আৰু ছালমা খানৰ চাৰিটা সন্তান আছে, ছলমান খান, আৰবাজ খান, সোহেইল খান, আলভিৰা খান। পিছত তেওঁলোকে অৰ্পিতা খানক তুলি লয়।
Also Read: অসম কন্যাৰ শিৰত জিলিকিল "জুনিয়ৰ মিচ ইণ্ডিয়া২০২৩"ৰ খিতাপ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us