চৰাইদেউৰ মাইবেলা তাপ বিদ্যুৎ কেন্দ্ৰত আঠ ঘন্টীয়া ধৰ্ণা…

চৰাইদেউৰ মাইবেলা তাপ বিদ্যুৎ কেন্দ্ৰত আঠ ঘন্টীয়া ধৰ্ণা…

author-image
asomiyapratidin
New Update
চৰাইদেউৰ মাইবেলা তাপ বিদ্যুৎ কেন্দ্ৰত আঠ ঘন্টীয়া ধৰ্ণা…

ডিজিটেল সংবাদ,চৰাইদেউঃ ক'অৰ্ডিনেচন কমিটি অৱ এমপ্লইজ, ইঞ্জিনিৰ্য়াচ এণ্ড পেঞ্চননাৰ্চৰ যৌথ আহ্বানত সোমবাৰে চৰাইদেউ জিলাৰ মাইবেলাস্থলী লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে পুৱা ১০.০০ বজাৰ পৰা বিয়লি ৫.০০ বজালৈকে আঠ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

Advertisment

বিশেষকৈ অসম শক্তি বিতৰণ কোম্পানীৰ অধীনৰ ৩৩/১১ কেভি চাপ ষ্টেচন সমূহৰ ব্যক্তিগত কৰণ বন্ধ কৰা, দীৰ্ঘদিন ধৰি কৰ্মৰত বিহঃউৎসৰ কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, খালী হৈ থকা পদ সমূহ অতিশীঘ্ৰে নিযুক্তি দিয়াকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ দাবী কাৰ্যকৰী কৰাৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই কাৰ্যসূচীত লাকুৱা মণ্ডল সভাপতি সুৰেন কুমাৰ দাস, সম্পাদক ৰূপজ্যোতি গগৈকে ধৰি অৰ্ধ শতাধিক বিদ্যুত কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

আৰু পঢ়ক : মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ বসন্ত নেওগ গায়নৰ বিয়োগ…

assam himanta biswa sarma protest charaideo