চৰাইদেউ জিলাৰ মথুৰাপুৰ মনিয়াহোলা গাঁৱত অনাকাংক্ষিত ঘটনা...

চৰাইদেউ জিলাৰ মথুৰাপুৰ মনিয়াহোলা গাঁৱত মঙ্গলবাৰে দিনৰ ভাগত সংঘটিত হয় অনাকাংক্ষিত ঘটনা

author-image
Asomiya Pratidin
New Update
চৰাইদেউ জিলাৰ মথুৰাপুৰ মনিয়াহোলা গাঁৱত অনাকাংক্ষিত ঘটনা...

ডিজিটে সংবাদ, চৰাইদেউ : চৰাইদেউ জিলাৰ মথুৰাপুৰ মনিয়াহোলা গাঁৱত মঙ্গলবাৰে দিনৰ ভাগত সংঘটিত হয় অনাকাংক্ষিত ঘটনা। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণ কৰি থকা অৱস্থাত বেৰা খহি মৃত্যুক সাৱতি লয় এজন ৰাজ মিস্ত্ৰীয়ে ৷ মিস্ত্ৰী গৰাকীয়ে নিশা মৃত্যুক সাৱতি লোৱা খবৰে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

Advertisment

নিমনাগড় গাঁও পঞ্চায়তৰ এলেকাধীন অঞ্চলটোত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ এটাৰ আৱণ্টন পোৱা বিপিন বৰাইক নামৰ হিতাধিকাৰী গৰাকীৰ ঘৰ নিৰ্মাণ কৰি থকা অৱস্থাত আকস্মিক ভাৱে খহি পৰা পকী বেৰাই অজয় কৰ্মকাৰ (৩০) নামৰ মিস্ত্ৰী গৰাকীক হেঁচা মাৰি ধৰে। ঘটনাটোত গুৰুতৰ ভাৱে জখম হোৱা মিস্ত্ৰী গৰাকীক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁৰ সংকটজনক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় লৈ প্ৰেৰণ কৰে । পিছে নিশাই নিয়তীৰ ওচৰত হাপ মানে মিস্ত্ৰী গৰাকীয়ে। মৃত লোকজন স্থানীয় গেলগেলি অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

Also Read: আকৌ এখন যুদ্ধঃ টাইৱান আক্ৰমণ কৰিবলৈ সাজু চীন...

charaideu