আহি আছে পৰীক্ষা!

আহি আছে পৰীক্ষা!

বৰষা শৰ্মা

ক্ষমতা আহে ক্ষমতা যায়। কিন্তু ক্ষমতা লাভৰ যুঁজ খন সদায় অব্যাহত আছে। এখন গণতান্ত্ৰিক দেশৰ বাবে অতিকে গুৰুত্বপূৰ্ণ নিৰ্বাচন। ৰাইজে জনপ্ৰতিনিধি নিয়োগ কৰি নিজৰ স্থিতি প্ৰকাশ কৰে আৰু এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হোৱাৰ পৰিচয় দিয়ে।

২০২৪ চনৰ পূৰ্বে এক ডাঙৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে ৰাজনৈতিক দলসমূহ। ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ দেশত অনুষ্ঠিত হ'ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। মধ্য প্ৰদেশ, ৰাজস্থা,চট্টীশগড়, তেলেংগনা আৰু মিজোৰামত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচন শাসকীয় দলটোৰ লগত অন্য দল সমূহৰ বাবেও গুৰুত্ব পূৰ্ণ।

ৰাজস্থানত ২০০খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে চট্টীশগড়ত ৯০ খন আসন, তেলেংগনাত ১১৯ খন আসন, মিজোৰামত ৪০ খন আসন আৰু মধ্যপ্ৰদেশত ২৩০ খন আসনৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন। অৰ্থাৎ মুঠ ৬৭৯ খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পাঁচখন ৰাজ্যত মুঠ ১৬ কোটি ভোটাৰ আছে। ইয়াৰ ভিতৰত ৮.৫২ কোটি পুৰুষ আৰু ৭.৮ কোটি মহিলা ভোটাৰ।

৫ খন ৰাজ্যৰ ভিতৰত তেলেংগনা, ৰাজস্থান আৰু মধ্যপ্ৰদেশত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মুখ্য যুঁজ হ'ব। কংগ্ৰেছে ৰাজস্থান আৰু ছট্টীশগড়ত ক্ষমতা ৰক্ষা ৰখাৰ বাবে উঠি পৰি লাগিব। লগতে মধ্যপ্ৰদেশত বিজেপিৰ দুই দশক ধৰি থকা শাসনৰ অন্ত পেলাবলৈ সকলো প্ৰয়াস কৰিব লাগিব।

আনহাতে বিজেপিয়ে মধ্যপ্ৰদেশত নিজৰ দুৰ্গ অক্ষুন্ন ৰখাৰ লগতে ৰাজস্থান আৰু চট্টীশগড় কংগ্ৰেছৰ শাসনৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাবে ইতিমধ্য়ে দুয়োটা ৰাজনৈতিক দলে আখৰা আৰম্ভ কৰিছে।

মধ্যপ্ৰদেশত এইবাৰৰ যুঁজ কংগ্ৰেছ আৰু বিজেপিৰ মাজত হ'ব। ৰাজ্যখনত কংগ্ৰেছ বিধ্বস্ত হোৱাৰ ৪ বছৰ পাছত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। সেই সময়ত ৰাজ্যখনত তদানীন্তন মুখ্যমন্ত্ৰী কমল নাথ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পূৰ্বে কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়ী হৈছিল আৰু চৰকাৰ গঠন কৰিছিল। তদুপৰি মধ্যপ্ৰদেশত মোডীৰ জনপ্ৰিয়তা অধিক। মোডী মধ্যপ্ৰদেশৰ বাবে এক গুৰুত্বপূৰ্ণ দিশ হিচাপে চিহ্নিত হ'ব।

ৰাজস্থানত কংগ্ৰেছ সংখ্যাগৰিষ্ঠতা আছে আৰু মুখ্যমন্ত্ৰী অশোক গেহলট শীৰ্ষত আছে। কিন্তু অশোক গেহলট আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজত চলি থকা সংঘৰ্ষই দলটোক কিছু বাধা দিব পাৰে বুলি আশংকা কৰা হৈছে। ২০১৮ চনৰ বিধানসভা নিৰ্বাচন কংগ্ৰেছে ক্ষমতা দখল কৰিছিল। বিজেপিয়ে মাত্ৰ ৭৩ খন আসন লাভ কৰিছিল এই নিৰ্বাচনত।

কিন্তু এইবাৰ নিৰ্বাচনত ৰাজস্থান বিজেপিৰ দখললৈ যোৱাৰ সম্ভাৱণা আছে। ৰাজ্যখনৰ উন্নয়নৰ দুৰ্বল গতিকে ধৰি বিভন্ন দিশৰ বাবে কংগ্ৰেছৰ অসুবিধা হ'ব পাৰে।

মুখ্যমন্ত্ৰী ভূপেশ ভাগেলৰ নেতৃত্বত ছট্টীশগড়ত চৰকাৰ গঠন হৈছিল। ২০১৮ চনত, কংগ্ৰেছে ৰাজ্যখনৰ ৯০ খন আসনৰ ভিতৰত ৬৮ খন আসন জয় লাভ কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ১৬ খন আসন লাভ কৰিছিল। বিজেপিৰ ক্ষেত্ৰত দলটোৱে ৰমন সিঙৰ ওপৰত নিৰ্ভৰ কৰাৰ সম্ভাৱনা আছে।

তেলেংগানাত বিজেপি, কংগ্ৰেছ আৰু শাসনাধিষ্ঠ ভাৰত ৰাষ্ট্ৰ সমিতিৰ সৈতে এক ত্ৰিকোণীয়া প্ৰতিদ্বন্দিতা হ'ব। মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওয়ে বিজেপিক কেন্দ্ৰৰ পৰা উৎখাত কৰিবলৈ তেওঁলোকক একত্ৰিত কৰাৰ বাবে কেইবাজনো বিৰোধী নেতাক লগ কৰিছে। কেচিআৰৰ জনপ্ৰয়িতাই ৰাজ্যখনত বিআৰএছৰ স্থিতি বৰ্তাই ৰাখিব বুলি কব পাৰি।

মিজোৰামত মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ) চৰকাৰে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত ৪০ খন আসনৰ ভিতৰত ২৬ খন আসন লাভ কৰিছিল। কংগ্ৰেছে মাত্ৰ ৫ খন আসনহে জিকিব পাৰিছিল। ৰাজ্যখনত কংগ্ৰেছৰ স্থিতি ভাল নহয়। গতিকে সম্ভাৱণ আছে পুনৰ এনডিএ আৰু এমএনএফে মিলি মিজোৰামত চৰকাৰ গঠন কৰিব।

৫ ৰাজ্যৰ নিৰ্বাচন এনেকুৱা সময়ত হৈছে যেতিয়া সমগ্ৰ দেশত জাতিগত লোকপিয়লৰ বাবে দাবী কৰি থকা হৈছে। বিজেপিৰ হিন্দুত্ববাদী এজেণ্ডাৰ বিৰুদ্ধে কংগ্ৰেছে এই ডাঙৰ বিষয়টো লৈ আহিছে। কংগ্ৰেছৰ বাবে এই জাতিগত লোকপিয়ল ডাঙৰ অস্ত্ৰ হ'ব পাৰে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বিধানসভা নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। আশা কৰা হৈছে এই বিধানসভা নিৰ্বাচনে এটা সাম্য়ক ধাৰণা দিব যে কোনটো দলে শাসনলৈ আহিব। কিন্তু ২০১৮ চনত ইয়াৰ বিপৰীত ছবি দেখা গৈছিল। কিয়নো বিজেপিয়ে অন্য নিৰ্বাচনত পৰাজিত হোৱাৰ বিপৰীতে লোকসভাত জয় লাভ কৰিছিল। বিশেষজ্ঞসকলৰ মতে এনে প্ৰতিবাৰেই নহয় । এই নিৰ্বাচনৰ ফলাফলে লোকসভা নিৰ্বাচনৰ বাবে পটভূমি তৈয়াৰ কৰে। এই নিৰ্বাচনৰ দ্বাৰা দেশবাসীৰ মন বুজিব পাৰিব বুলি কোৱা হয়।

এই নিৰ্বাচনৰ ফলাফলে বিৰোধী মৰ্চা ইণ্ডিয়াৰ ওপৰতো প্ৰভাৱ পেলাব। বহু দলে ইণ্ডিয়াত অন্তৰ্ভুক্ত হোৱাৰ পৰা আঁতৰি আছিল। যদিহে এই নিৰ্বাচনত কংগ্ৰেছে ভাল প্ৰদৰ্শন দেখুৱাই তেন্তে কংগ্ৰেছ তথা ৰাহুল গান্ধীৰ ওপৰত দলসমূহৰ বিশ্বাস ঘূৰি আহিব পাৰে। যদি কংগ্ৰেছৰ ফলাফল বেয়া হয় তেতিয়া কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ সময়ত আসন বুজাবুজি কৰিব লাগিব পাৰে।

ব্যক্তি বিশেষৰ বাবেও এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। কেইবাগৰাকী দিগ্বিজয় নেতাৰ বাবে এয়া অগ্নিপৰীক্ষা। মধ্যপ্ৰদেশ বিজেপিয়ে কৈছে যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী এতিয়াই ঘোষণা নকৰে। গতিকে শিৱৰাজ সিং চৌহানৰ বাবে এয়া অগ্নি পৰীক্ষাৰ সময়। ঠিক তেনেদৰে কংগ্ৰেছৰ অশোক গেহলট, কেচিআৰ আদিৰ বাবেও এয়া পৰীক্ষাৰ সময়।

বিজেপিৰ বাবে এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। বিগত সময়ত ৰাজ্যসমূহত বিজেপিৰ স্থিতি দুৰ্বল পৰিলক্ষিত হৈছিল। গতিকে এই ৫ৰাজ্যত বিজেপিয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰাতো অত্যন্তই আৱশ্যক।

উত্তৰ-পূৱত প্ৰৱেশ কৰাৰ বাবে এই সময় অতি গুৰুত্বপূৰ্ণ। মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ অব্যাহত থকাৰ মাজত মিজোৰামত হ'বলগীয়া এই নিৰ্বাচনে কংগ্ৰেছ, বিজেপিৰ বাবে প্ৰত্যাহ্বান হৈ পৰিব।

বিগত নিৰ্বাচনত মহিলা ভোটাৰৰ প্ৰয়োজনীয়তা দেখা গৈছে। বিজেপিয়ে মহিলা ভোটাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায়। বিগত নিৰ্বাচন সমূহত মহিলা ভোটাৰৰ সমস্যা যথেষ্ঠ আছিল। যাৰ বাবে এই বিষয়টোত গুৰুত্ব দিছে বিজেপিয়ে।

আনহাতে তেলেংগনাৰ নিৰ্বাচনে ৰাষ্ট্ৰক এক অন্য সংকেট দিব। ৰাজ্য়খনত কংগ্ৰেছ জিকিব নে কেচিআৰে হেট্ৰিক মাৰিব সেয়া ডাঙৰ প্ৰশ্ন। ইয়াৰোপৰি বিজেপি দক্ষিণাত্যত আৰু এখোজ পেলাব পাৰে নে নাই সেয়াও হ'ব এক ডাঙৰ প্ৰত্যাহ্বান।

গতিকে এই ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাইজৰ মন মোডীৰ জনপ্ৰিয়তাই জয় কৰিব পাৰে নে ৰাহুল গান্ধীয়ে সেয়া সময়ত গম পোৱা যাব।

আহি আছে পৰীক্ষা!
হয় নে নহয় ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in