জনজাতিকৰণ, ভূমি পট্টা প্ৰদান আদি দাবীৰে আছাৰ প্রতিবাদী কাৰ্যসূচী

জনজাতিকৰণ, ভূমি পট্টা প্ৰদান আদি দাবীৰে আছাৰ প্রতিবাদী কাৰ্যসূচী

ডিজিটেল সংবাদ, চিৰাং : অসমত বসবাস কৰা আদিবাসী সকলক জনজাতি কৰণ, ভূমি পট্টা প্ৰদান আদি অন্যান্য দাবী উত্থাপন কৰি চিৰাং জিলা সদৰ কাজলগাঁৱত সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । চিৰাং জিলা আছাৰ উদ্যোগত আয়োজিত আৰু শতাধিক সদস্য/সদস্যাই অংশগ্ৰহণ কৰা মঙলবাৰৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে অসমৰ আদিবাসী সকলক জনজাতি কৰণ, ভূমিপট্টা প্ৰদান কৰা, আদিবাসী শান্তিচুক্তিৰ সঠিক ৰূপায়ণ কৰা আৰু গোষ্ঠী সংঘৰ্ষৰ বলি লোক সকলক পুনঃসস্থাপন দি অইন লোকে দখলকৃত তেওঁলোকৰ নিজৰ ভূমি ঘুৰাই দিয়াৰ দাবী উত্থাপন কৰে।

কাজলগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া আজিৰ এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি চিৰাং জিলা আছাৰ সভাপতি অনন্ত মুৰ্মুয়ে বিজেপি দলক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে । বিজেপি তথা দেশৰ প্ৰধানমন্ত্ৰীয়ে যি শ্লোগানেৰে দ্বিতীয়বাৰৰ কাৰণে দেশৰ শাসনভাৰ লাভ কৰিছিল সেই "সবকা বিকাশ, সবকা বিশ্বাস" শ্লোগান অৰ্থহীন হৈ পৰিছে । কাৰণ নিৰ্বাচনৰ আগত ছয় মাহৰ ভিতৰত অসমৰ আদিবাসী সকলক জনজাতিৰ মৰ্যাদাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু আজিলৈকে বিজেপি দল তথা চৰকাৰৰ প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈ থাকি গ'ল বুলি উল্লেখ কৰে ।

বৰ্তমানৰ ৰাজ্য,তথা কেন্দ্ৰীয় চৰকাৰে যদি অহা জুন মাহৰ ভিতৰত আদিবাসী সকলৰ সমস্যা সমাধান নকৰে তেনেহ'লে আগন্তুক সময়ত গোটেই অসমজুৰি এক ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব ।লগতে ২০২৪ ৰ লোকসভা নিৰ্ব্বাচনত আছেই এক শক্তিশালী বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে । একেদৰে জিলা সাধাৰণ সম্পাদক ৰাইছেন টুডুয়ে কয় যে আদিবাসী সকল বিভিন্ন সমস্যাৰে জৰ্জৰিত যদিও চৰকাৰে এই সমস্যা সমাধানৰ নামত কেৱল ৰাজনীতিহে কৰি আছে বুলি অভিযোগ কৰে। পিছত তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ উপায়ুক্তৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

জনজাতিকৰণ, ভূমি পট্টা প্ৰদান আদি দাবীৰে আছাৰ প্রতিবাদী কাৰ্যসূচী
কামপুৰৰ চিমলাই পথাৰত প্ৰৱঞ্চকৰ জাল: ভুৱা নথি পত্ৰৰে দখল মাটি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in