চাবুৱাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ...

AS06AD2771 নম্বৰৰ এখন বাহনে খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বাঁহগছত খুন্দা মৰি বাগৰি পৰে।

author-image
Asomiya Pratidin
New Update
চাবুৱাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ...

ডিজিটেল সংবাদ, চাবুৱাঃ চাবুৱাৰ দিনজয়ত বৃহস্পতিবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। AS06AD2771 নম্বৰৰ এখন বাহনে খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বাঁহগছত খুন্দা মৰি বাগৰি পৰে।

Advertisment

স্থানীয় ৰাইজ আৰু চাবুৱা আৰক্ষীৰ তৎপৰতাত চালকজনক গাড়ীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা চালকজনক চাবুৱা মডেল হাস্পতাললৈ লৈ যোৱা হয় যদিও সংকটজনক অৱস্থাত ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

কিন্তু ডিব্ৰুগড় মেডিকেল কলেজত লোকজনৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Also Read: কোন, কোন সাংবাদিকৰ জেপত সোমাল ২০ কোটি?

road accident