ডিজিটেল সংবাদ, চাবুৱাঃ বিগত এপ্ৰিল মাহতে কাল ধুমুহাই চাবুৱাৰ এগৰাকী মহিলাৰ জীৱনলৈ নমাই আনিছিল ভয়াবহ বিপদ । ধুমুহাৰ ফলত হোৱা অগ্নিকাণ্ডত জ্বলি ছাই হৈ গৈছিল মহিলাগৰাকীৰ আপোন ঘৰখন।
তেতিয়াৰে পৰা যেন দুৰ্ভাগ্যই লগ নেৰা হ'ল চাবুৱা চেতিয়া গাঁৱৰ এইগৰাকী স্বামীহীনা সৰুমাই বৰচেতিয়াৰ। এটা নতুন আৱাসগৃহৰ বাবে চৰকাৰৰ ওচৰত আবেদন কৰিছে যদিও এই পৰ্যন্ত পিছে কোনো ইতিবাচক সহাঁৰি লাভ কৰা নাই মহিলাগৰাকীয়ে।
অভিযোগ অনুসৰি চৰকাৰৰ ওচৰত আবেদন কৰা পত্ৰখনত চহী কৰিবলৈও মহিলাগৰাকীৰ পৰা এহাজাৰ টকা সৰকালে স্থানীয় গাওঁবুঢ়াই। তেতিয়াৰে পৰা এটি আৱাসগৃহ বাবে তাঁত-বাটি কৰি কৰি ভাগৰি পৰিছে সৰুমাই বৰচেতিয়াই।
প্ৰণিধানযোগ্য যে সৱকা সাথ সৱকা বিকাশ বুলি সততে আওৰাই থকা শাসনাধীন চৰকাৰৰ দিনতে থাকিবলৈ অভাৱ এটি বাসগৃহৰ। আনটো বাদেই খাবলৈ ভাতকেইটাৰো অভাৱ । এতিয়া দুৰ্ভগীয়া মহিলাগৰাকীৰ এই কৰুণ দৃশ্য প্ৰত্যক্ষ কৰা পাছত চৰকাৰৰ পৰা এটি আৱাসগৃহ পাবলৈ সক্ষম হ'বনে সেয়া আগন্তুক সময়তহে হ'ব লক্ষণীয়।