দধীয়াত চিয়াং নদীৰ নামনিত খহনীয়াত গৃহহীন হ'ল ৩৫ টাতকৈ অধিক পৰিয়াল

প্ৰতিখন চৰকাৰে নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত এই লোকসকলৰ খবৰ ল'বলৈ সময় নাথাকে প্ৰতিখন চৰকাৰৰ ।
দধীয়াত চিয়াং নদীৰ নামনিত খহনীয়াত গৃহহীন হ'ল ৩৫ টাতকৈ অধিক পৰিয়াল

ডিজিটেল সংবাদ, চাবুৱা: চাবুৱাৰ দধীয়াত দুখৰ যেন সীমা নাইকীয়া হৈছে ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ। পুনৰ সংস্থাপনৰ দাবীৰে বছৰ বছৰ ধৰি আন্দোলন অব্যাহত ৰখা ভূমিপুত্ৰ এই লোক সকলক প্ৰতিখন চৰকাৰে নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত এই লোকসকলৰ খবৰ ল'বলৈ সময় নাথাকে প্ৰতিখন চৰকাৰৰ ।

বাৰিষাত বানপানীৰ মাজত দিন কটোৱা লোকসকলৰ এতিয়া পানী শুকোৱাৰ লগে লগেই বিপদে ভয়াবহ ৰূপ লৈছে ।দধীয়াৰ চাৰিসূটিত যোৱা এটা মাহতেই ৩০ টাতকৈ অধিক পৰিয়ালে চিয়াং নদীৰ নামনিত খহনীয়াত আপোন ঘৰখন হেৰুৱাই এতিয়া আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। বহুতৰ বাবে এতিয়া এখন ত্ৰিপালেই শেষ ভৰষা হৈ পৰিছে ।

যাৰ ফলত এতিয়া দধীয়াবাসীৰ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷ বানে জুৰুলা দধীয়াবাসীক এতিয়া ভূতৰ ওপৰত দানৱ পৰাৰ দৰে গৰাখহনীয়াই গৃহহীন কৰিছে ৷ তাৰ পিছতো এই লোকসকলৰ খবৰ ল'বলৈ সময় নাই মিচিং জনগোষ্ঠীয় দল - সংগঠনৰ লগতে নেতা কৰ্মীসকল।

ৰাইজে নখ জোকাৰিলে নৈ বয় কথাষাৰকে সাৰোগত কৰি ইজনে আনজনৰ সহায়ক কৰি এতিয়া অন্য স্থানত বাসগৃহ সাজি দিয়াত ব্যস্ত হৈ পৰিছে ৷ এতিয়া প্ৰশ্ন হ'ল আৰু কিমান দিন এই ভূমিপুত্ৰ লোকসকলে এনেকৈ জীৱ জন্তুৰ দৰে জীয়াই থাকিব ।

আৰু পঢ়ক: বহিৰাগত বনিয়াৰ দপদপনি! থলুৱাৰ স্বাৰ্থ সুৰক্ষাৰ্থে উৰিয়াগাঁৱত আৰম্ভ আমৰন অনশন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in