হেমাংগ বিশ্বাসৰ পৰা হেম বৰুৱাই আড্ডা দিয়া ঘৰটোৱে গৰকিলে শতবৰ্ষ...

শতবৰ্ষ গৰকিলে অসমৰ এটি বিশেষ ঘৰে । অসমৰ সাংস্কৃতিক জগতৰ এক অন্যতম কেন্দ্ৰবিন্দু হৈ জিলিকি ৰোৱা এই ঘৰটিয়ে ২০২৩ বৰ্ষত এশটাকৈ গৌৰৱজ্জ্বোল বছৰ অতিক্ৰম কৰিলে ।
হেমাংগ বিশ্বাসৰ পৰা হেম বৰুৱাই আড্ডা দিয়া ঘৰটোৱে গৰকিলে শতবৰ্ষ...

ডিজিটেল ডেস্কঃ শতবৰ্ষ গৰকিলে অসমৰ এটি বিশেষ ঘৰে । অসমৰ সাংস্কৃতিক জগতৰ এক অন্যতম কেন্দ্ৰবিন্দু হৈ জিলিকি ৰোৱা এই ঘৰটিয়ে ২০২৩ বৰ্ষত এশটাকৈ গৌৰৱজ্জ্বোল বছৰ অতিক্ৰম কৰিলে । এই ঘৰটো ১৯২৩ চনতে অসমীয়া অভিযন্তা চন্দ্ৰনাথ বৰুৱাই সাজি উলিয়াইছিল ৷ এই বিশেষ ঘৰটো আছে মহানগৰীৰ লতাশিল খেলপথাৰৰ কাষতে ৷

এই ঘৰটোৱেই জন্ম দিছিল বহু শিল্পীৰ ৷ ব্ৰজেন বৰুৱা, নিপ বৰুৱা, দ্বিবন বৰুৱা, ৰমেন বৰুৱা, গিৰীণ বৰুৱা, নীৰেন বৰুৱা, দ্বীপেন বৰুৱাৰ দৰে বিখ্যাত শিল্পীৰ জন্ম হৈছিল এই বাসগৃহতেই ৷ যিটো ঘৰতেই আৰম্ভ কৰা হৈছিল ২৯ খনকৈ অসমীয়া ছবিৰ পৰিকল্পনা ৷

প্ৰথমে স্মৃতি পৰসৰ পৰা আৰম্ভ কৰি ড০ বেজবৰুৱালৈ বহুতো ছবি নিৰ্মাণৰ সাক্ষী এই বিশেষ ঘৰটো ৷ ইয়াৰ উপৰিও এই বাসগৃহটোতেই মাক আৰু মৰম, বৰুৱাৰ সংসাৰ, আজলী নবৌ, ককা দেউতা নাতি আৰু হাতী, শকুন্তলা, মুকুতা, ললিতা আদি ছবিৰ নিৰ্মাণ হৈছিল ৷ হেমাংগ বিশ্বাস, সলিল চৌধুৰী, বলৰাজ  চাহানীৰ পৰা হেম বৰুৱালৈকে সকলোৰে বাবেই এই বিশেষ ঘৰটিয়েই আছিল আড্ডাস্থলী ।

সময় বাগৰিল। ঘৰতো তেনেকৈয়ে আছে। এই ঘৰটোৱেই আমাৰ সাংস্কতিক জগতলৈ বহু অৱদান আগবঢ়াই গৈছে। এই ঘৰটোৰ প্ৰতি কৰণীয় এক সমূহীয়া উদ্যোগৰ জৰিয়তে কৰাতো প্ৰয়োজনীয় হৈ পৰিছে। ইয়াৰ ক্ষেত্ৰত সমাজৰ সচেতন লোক সকল আগবাঢ়ি আহিব লাগিব।

ইয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়িত্বও আছে।কিয়নো ইয়াৰ সৈতে জড়িত হৈ আছে বহু শিল্পীৰ জীৱনগাঁঠা। গতিকে পৰৱৰ্তী সময়ত এই ঘৰটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কিবা ব্যৱস্থা হাতত ল'বনে সেয়া হ'ব গুৰুত্বপূৰ্ণ।

হেমাংগ বিশ্বাসৰ পৰা হেম বৰুৱাই আড্ডা দিয়া ঘৰটোৱে গৰকিলে শতবৰ্ষ...
এয়াই নেকি নৰক ? ১২৩ বছৰৰ ভিতৰত সৰ্বাধিক গৰম..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in