বাক্সাত কেন্দ্ৰীয় বিশ্ব পৰিৱেশ দিৱস উদযাপন...

পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বাক্সাত মুছলপুৰৰ গাৰামদেউত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস

author-image
Asomiya Pratidin
New Update
বাক্সাত কেন্দ্ৰীয় বিশ্ব পৰিৱেশ দিৱস উদযাপন...

ডিজিটেল সংবাদ, গাৰামদেউঃ আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস । পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত গ্ৰীন আৰ্মী অসম আৰু জিলা বন বিভাগৰ সহযোগত মুছলপুৰৰ গাৰামদেউত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস ।‌ বিশ্ব পৰিৱেশ দিৱসৰ মূলমন্ত্ৰ প্লাষ্টিক বৰ্জন কৰো আহক কাৰ্যসূচীৰ অংশ স্বৰূপে প্ৰথমে অনুষ্ঠিত হয় বাটৰ নাট ।

ইয়াৰ পাচতে সেউজীয়া ধৰণী আৰু প্লাষ্টিক বৰ্জন কৰাৰ সংকল্পত অংশ গ্ৰহন কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, স্থানীয় লোক আৰু বাক্সা জিলা উপায়ুক্তৰ লগতে বহু বিশিষ্ট ব্যক্তি ।‌ ইয়াৰ বাহিৰেও ডুমুনি চাহ বাগিচা এলেকাৰ ছাত্ৰ-ছাত্ৰীসকলে সজাগতা ৰেলিৰ জৰিয়তে উদযাপন কৰে বিশ্ব পৰিৱেশ দিৱস । গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে বৃক্ষ ৰোপন কৰাৰ উদ্দেশ্য আহ্বান জনাই বাক্সা জিলা বন প্ৰাধিকৰণ বিষয়া প্ৰৱোধ কুমাৰ ব্ৰহ্মই ।

Also Read: তাচপাতৰ দৰে খহি পৰিল ১৭০০ কোটি টকীয়া দলং, সন্ধানহীন গাৰ্ড...

baksa world environment day