/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/245f7d97-e243-4c10-aae5-736e17babd83/a7.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি দৌল পূৰ্নিমা। এই পবিত্ৰ ক্ষণত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত ফাকুৱা উপলক্ষে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d918bbb7-d14b-482d-aafa-fd4acb7ef126/8c53d8b7_69a2_441a_8356_b1d00c54afed.jpg)
মন্ত্ৰীগৰাকীয়ে সেৱা গ্ৰহণ কৰি বটদ্ৰৱা থানৰ পৰা অসমবাসী ৰাইজক ফাকুৱাৰ শুভ কামনা জ্ঞাপন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে জাতীয় সাজ পৰিধান কৰি সেৱা নিৰ্মালী গ্ৰহণ কৰে।
উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ২১ বছৰ বয়সতে বটদ্রৱাত এই দৌল পূৰ্নিমাতে গোবিন্দ গোঁসাইৰ শিৰত ফাকু দি আনন্দদায়ক উৎসৱ ফাকুৱাৰ সূচনা কৰিছিল। সেই মহান ঐতিহাসিক সৰোগত কৰি ৫৫০ বছৰৰ পম্পৰাৰে বটদ্ৰৱা থানত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে দৌল যাত্ৰা মহোৎসৱ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/64ad280a-f1d6-4905-a1ab-260c164484b2/ec91898e_f168_4ae4_87d3_e92eb19e1453.jpg)
আজি দ্বিতীয় দিনা দৌল পূৰ্নিমা বা ফাল্গু পূৰ্নিমা। পুৱা তাল কোবোৱা প্ৰংসগ, মঞ্জিৰা নাম, আই সকলৰ নাম, খোল প্ৰসঙ্গ, ডেৰপৰীয়া প্ৰসংগ আদি বিভিন্ন কাৰ্য্যসূচীৰ পাছত বিয়লি গোবিন্দ গোঁসাইৰ শিৰত ফাকু দিয়া হ'ব। ইফালে দৌল উৎসৱ উপলক্ষে পুৱাৰে পৰা হেজাৰ হেজাৰ ভক্ত বৈষ্ণৱৰ উপস্থিতিত উখল মাখল হৈ পৰিছে বটদ্ৰৱা ধাম। ভকত বৈষ্ণৱৰ হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈছে আকাশ বতাহ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/18ac2973-b08e-410e-8d7e-c68a39ecafc0/a1adc1e5_3917_4336_94ca_34393ba1b2c2.jpg)
Also Read: নিমাতীঘাটত জাহাজৰ পৰা বাগৰি লুইতত পৰিল বিলাসী বাহন