
ডিজিটেল ডেস্কঃ হোলীৰ আনন্দৰ মাজতে নিমাতীঘাটত লুইতৰ বুকুত পৰিল বিলাসী বাহন। সুলক্ষ্মী ফেৰীৰ পৰা বাগৰি পৰে চাৰিচকীয়া বাহনখন।
জানিব পৰা মতে মঙলবাৰে নিমাতীঘাটৰ পৰা মাজুলীলৈ ফৰীখন আহি থকা অৱস্থাতে দুৰ্ঘটনা সংঘটিত হয়। অৱশ্যে স্থানীয় ৰাইজৰ প্ৰচেষ্টাত বাহনখন পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ পঞ্জীয়ন নম্বৰ হ'ল ২২ বি এইছ ৮২৬১ ডি।