আজিৰে পৰা মথুৰাপুৰত ফুৰালুং সমাজৰ কেন্দ্ৰীয় অধিৱেশন

সন্ধিয়া টাই পৰম্পৰাগত ৰীতি-নীতিয়ে বানফি ফুৰালুং পূজা অনুষ্ঠিত হয়
আজিৰে পৰা মথুৰাপুৰত ফুৰালুং সমাজৰ কেন্দ্ৰীয় অধিৱেশন
Published on
Updated on

ডিজিটেল সংবাদ,মথুৰাপুৰঃ শনিবাৰৰ পৰা চৰাইদেউ জিলাৰ মথুৰাপুৰ দেওধাই গাঁৱত দুদিনীয়াকৈ আৰম্ভ হৈছে অসম ফুৰালুং সমাজৰ কেন্দ্ৰীয় অধিৱেশন ৷ আজিৰে পৰা আৰম্ভ হোৱা অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত বিন- খ্ৰিঙ-ফা অৰ্থাৎ পতাকা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে ফুৰালুং সমাজৰ সভাপতি চাও ৰামেশ্বৰ বুঢ়াগোহাঁই আৰু উদযাপন সমিতিৰ সভাপতি চাও প্ৰদীপ ফুকনে ৷

ইয়াৰ পিছতে চাও নিপেন গগৈ আৰু চাও পূৰ্ণজিৎ ফুকনে তৰ্পণ কাৰ্যসূচী মুকলি কৰে। তৰ্পণ কাৰ্যসূচীৰ পৰৱৰ্তী সময়ত প্ৰতিনিধি পঞ্জীয়ন অনুষ্ঠিত হয় ৷

ইয়াৰ পিছতে সদৌ অসম ভিত্তিত এক বুৰঞ্জীমূলক কুইজ প্ৰতিযোগিতা হয় ৷ দুপৰীয়া প্ৰতিনিধি সভা আৰু সন্ধিয়া টাই পৰম্পৰাগত ৰীতি-নীতিয়ে বানফি ফুৰালুং পূজা অনুষ্ঠিত হয় ৷

আনহাতে দ্বিতীয় দিনা অধিৱেশনৰ সৈতে সংগতি ৰাখি আলোচনা চক্ৰৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন আৰু মুকলি সভাত অনুষ্ঠিত হ'ব বুলি জনায় ৷

আজিৰে পৰা মথুৰাপুৰত ফুৰালুং সমাজৰ কেন্দ্ৰীয় অধিৱেশন
অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্পঃ অনুবাদৰ অভিজ্ঞতা আছে যদি শীঘ্ৰে কৰক যোগাযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in