অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্পঃ অনুবাদৰ অভিজ্ঞতা আছে যদি শীঘ্ৰে কৰক যোগাযোগ...

অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্পঃ অনুবাদৰ অভিজ্ঞতা আছে যদি শীঘ্ৰে কৰক যোগাযোগ...
অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্পঃ অনুবাদৰ অভিজ্ঞতা আছে যদি শীঘ্ৰে কৰক যোগাযোগ...

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদে ভাষা-সাহিত্যৰ প্ৰসাৰৰ বাবে এটা নতুন তথা অভিলাষী প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা কৰিছে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৰামৰ্শ ক্ৰমে অনুবাদৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক উৎসাহ প্ৰদান কৰিবৰ বাবে পৰিষদে হাতত লোৱা প্ৰকল্পসমূহৰ ভিতৰত এই প্ৰকল্পটো অন্যতম আৰু ব্যতিক্ৰমী৷

এই প্ৰকল্পৰ অন্তৰ্গত ইংৰাজী আৰু হিন্দীৰ পৰা অসমীয়া ভাষালৈ, ইংৰাজী আৰু অসমীয়াৰ পৰা বাংলা আৰু বড়ো ভাষালৈ এলানি গ্ৰন্থ অনুবাদ কৰাৰ বাবে অহা জুলাই মাহত এটি বিশেষ কৰ্মশালাৰ আয়োজন কৰা হ’ব৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তিত এই কথা সদৰি কৰি জনাইছে যে, ৰাজ্যখনৰ ৫০ বছৰৰ অনূর্ধ্ব ২০ গৰাকীৰো অধিক অনুবাদকক লৈ এই কৰ্মশালা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে৷

ইংৰাজী আৰু অসমীয়া, হিন্দী আৰু অসমীয়া তথা অসমীয়া আৰু বাংলা ভাষাৰ জ্ঞান থকাৰ লগতে অনুবাদৰ অভিজ্ঞতাপুষ্ট লেখক-লেখিকাসকলক লৈ এই কৰ্মশালা অনুষ্ঠিত হ’ব৷ ইয়াত অংশগ্ৰহণ কৰিবলৈ বিচৰা দক্ষতা সম্পন্ন আৰু অনুবাদৰ প্ৰতি আগ্ৰহী ৩৫ বছৰ অনূর্ধ্ব লেখক-লেখিকাসকলে অহা ১৫ জুন-২০২৩ তাৰিখৰ ভিতৰত আৱেদন কৰিব লাগিব৷

আৱেদনকাৰীসকলৰ কিছুসংখ্যকে যোগ্যতা আৰু অভিজ্ঞতাৰ ভিত্তিত এই কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব৷ উল্লেখ্য, এই অনুবাদ কৰ্মশালা পাঁচদিনীয়া হ’ব আৰু কৰ্মশালা চলি থকা সময়ছোৱাত অনুবাদকসকলৰ লগতে প্ৰশিক্ষক আৰু সমল ব্যক্তিৰ আতিথ্যৰ সকলো ব্যৱস্থা পৰিষদৰ ফালৰ পৰা গ্ৰহণ কৰা হ’ব৷

৩৫-ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ অনুবাদকসকলক পৰিষদৰ সাহিত্য বিভাগে মনোনীত কৰিব৷ পাঁচদিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰা অনুবাদকসকল এই সময়ছোৱাত কৰ্মশালাস্থলীত থকাটো বাধ্যতামূলক৷

কৰ্মশালাৰ বাবে নিৰ্বাচিত অনুবাদকসকলে কোনোধৰণৰ ভৰ্তি মাছুল দিব নালাগে৷ কৰ্মশালাৰ সমাপ্তিৰ পাছত অনুবাদকসকলক প্ৰমাণ-পত্ৰ আৰু মাননি প্ৰদান কৰা হ’ব৷ ৩৫ বছৰৰ অনূর্ধ্ব আৱেদনকাৰীসকলে –সচিব, অসম প্ৰকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী, সূচাংক- ৭৮১০২১, Email-- assampublicationboardঞ্ঝgmail.com –এই ঠিকনাত যোগাযোগ কৰিব পাৰিব৷

সচিব কলিতাই আৰু লগতে উল্লেখ কৰে যে, এই অনুবাদ কৰ্মশালাত শিশু সাহিত্য বিষয়ক গ্ৰন্থ অনুবাদৰ বাবে লোৱা হ’ব৷ ইংৰাজী আৰু হিন্দী ভাষাৰ গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ লগতে পৰিষদৰ শিশু গ্ৰন্থ কেবাখনো বাংলা আৰু বড়ো ভাষালৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰা হ’ব৷

অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্পঃ অনুবাদৰ অভিজ্ঞতা আছে যদি শীঘ্ৰে কৰক যোগাযোগ...
খবৰৰ মাজত সঁচাকৈয়ে হেৰাই নে খবৰ ! জোনমণি, সংগীতা, বাবুল আৰু ক'ত যে কিমান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in