কাছাৰৰ ১০০ গৰাকী ছাত্ৰীক কেন্দ্ৰীয় চৰকাৰৰ স্কলাৰশ্বিপ প্ৰদান

কাছাৰৰ ১০০ গৰাকী ছাত্ৰীক কেন্দ্ৰীয় চৰকাৰৰ স্কলাৰশ্বিপ প্ৰদান

ডিজিটেল সংবাদ শিলচৰঃ চিবিএছ চিৰ অধীনত দশম আৰু নৱম শ্ৰেণীৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ কাছাৰৰ ১০০ গৰাকী মেধাৱী ছাত্ৰীক এইবাৰ স্কলাৰশ্বিপৰ বাবে নিৰ্বাচিত কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে। এই স্কলাৰশ্বিপৰ বাবে নিৰ্বাচিত হৈছে কাছাৰৰ পয়লাপুলত থকা জবাহৰ নৱোদয় বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয় শিলচৰ আৰু শিলচৰ এন আই টি ত থকা কেন্দ্ৰীয় বিদ্যালয়।

বিশেষকৈ, মেধাৱী ছাত্ৰী সকলক ছায়েঞ্চ, টেকনোলজি, ইঞ্জিনিয়াৰিং আৰু মেথামেটিকছ ত শক্তিশালী কৰাৰ উদ্দেশ্যে চৰকাৰে স্কলাৰশ্বিপৰ বাবে নিৰ্বাচিত কৰিছে এই সকল ছাত্ৰীক। জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা নৱম শ্ৰেণী ২৭ , একাদশ শ্ৰেণীৰ ২৭ গৰাকী, শিলচৰ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ১৩ আৰু একাদশ শ্ৰেণীৰ ১৬ গৰাকীএন আই টি কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ১০ আৰু একাদশ শ্ৰেণীৰ ১৭ গৰাকী ছাত্ৰীক এই স্কলাৰশ্বিপৰ বাবে নিৰ্বাচিত কৰা হৈছে। অহা বছৰ নতুন শিক্ষা বৰ্ষৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণীত অৱতীৰ্ণ হ'ব লগা এই ১০০ গৰাকী মেধাৱী ছাত্ৰীৰ প্ৰতি গৰাকীয়ে মাহিলী এক হাজাৰ কৈ টকা লাভ কৰিব।

কেন্দ্ৰীয় চৰকাৰৰ ডিপাৰ্টমেন্ট অফ ছায়েঞ্চ এণ্ড টেকনোলজি ৰ উদ্যোগত এই সকল মেধাৱী ছাত্ৰীৰ স্কলাৰশ্বিপৰ বাবে প্ৰতিখন বিদ্যালয়ক বছৰি ১৮ লাখ টকা, শিক্ষাৰ আনুসাংগিক খৰচৰ বাবে ৬ লাখ সহ বিভিন্ন শিতানত আৰু অধিক ধন খৰচ কৰা হ'ব। সমগ্ৰ দেশত প্ৰায় তিনিশ স্কুলক ইয়াৰ বাবে নিৰ্বাচিত কৰা হৈছে। কাছাৰৰ পৰা নিৰ্বাচিত এই ১০০ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক সকলক লৈ কাছাৰ পয়লাপুল স্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত বিজ্ঞানজ্যোতি শীৰ্ষক এক ওৰিয়েন্টেচন কাৰ্যসূচীৰ আয়োজন কৰি এই তথ্য সদৰী কৰে স্কুলৰ অধ্যক্ষ বিশ্বাস ৰানাই। অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ দুগৰাকী অধ্যাপকেও এই কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰে।

কাছাৰৰ ১০০ গৰাকী ছাত্ৰীক কেন্দ্ৰীয় চৰকাৰৰ স্কলাৰশ্বিপ প্ৰদান
''দেশৰ অধিকাংশ জনতাই বিচাৰে তৃতীয়বাৰৰ বাবে মোডী প্ৰধানমন্ত্ৰী হোৱা''

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in