/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/8e0cf0ec-fe2a-413a-8715-4fa02933c1fe/AP_FOR_WEB__modi.jpg)
ডিজিটেল ডেস্কঃ দেশৰ অধিকাংশ লোকে নৰেন্দ্ৰ মোডীক তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে আৰু মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰজোঁটৰ সকলোৱে ইয়াৰ বাবে কাম কৰি আছে- দেওবাৰে এই মন্তব্য কৰে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে।
বাৰামতীত এক ৰেলী সম্বোধন কৰি তেওঁ কয় যে তেওঁ লোকসভা নিৰ্বাচনৰ বাবে ঘৰুৱা সমষ্টিৰ পৰাই প্ৰচাৰ আৰম্ভ কৰিছে। তেওঁ কয় "আপোনালোকে সদায় মোক আশীৰ্বাদ দি আহিছে আৰু সেয়ে মই আজি আপোনালোকৰ সন্মুখত থিয় হবলৈ পাইছো। আপোনালোকে মোক পুনেত অভিভাৱক মন্ত্ৰী হোৱাতো সহায় কৰিছিল।
পাৱাৰে কয় যে, "৬৫ শতাংশতকৈও অধিক লোকে নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে। আগন্তুক দিনত মই কঠোৰ পৰিশ্ৰম কৰিম। আগন্তুক লোকসভা নিৰ্বাচনত এনডিএ ৪০০ খন আসন লাভ কৰাতো নিশ্চিত। তাৰ বাবে আমি দৃঢ়তাৰে কাম কৰিম।
তেওঁ সমৰ্থকসকলক আহ্বান জনাই বিতৰ্কিত মন্তব্য আগনবঢ়াবলৈ আহ্বান জনায়। যি মন্তব্যৰে কাৰোবাৰ মাজত বিভেদ সৃষ্টি কৰিব পাৰে বা কাৰোবাত আঘাত কৰিব পাৰে তেনে মন্তব্য নকৰিবলৈ কয়।
Also Read: শিলচৰৰ এচ এম দেব চিভিল হাস্পতাল পৰিদৰ্শন ৰাজ্যপালৰ কাটাৰিয়াই