/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5d78f2d1-5656-4d13-b753-0c169ceec31f/sir.jpg)
ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ শিক্ষা সাংস্কৃতিক আৰু ক্ৰীড়াৰ সংগমস্থলী ডিমৌ চাৰিআলিৰ শতবৰ্ষ গৰকা চৰ্দাৰ বল্লভ ভাই পেটেল ডিমৌ মজলীয়া বিদ্যালয়ৰ অহা ১০ এপ্ৰিলত অনুষ্ঠিত হ’ব শতবৰ্ষ সামৰণি অনুষ্ঠান। সেয়ে শনিবাৰে সন্ধিয়া বিদ্যালয়ৰ প্ৰাংগনত এটি কাৰ্য্যলয় শুভ উদ্ধোধন কৰে ৷
উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন মীনমন্ত্ৰী উমেশ চন্দ্ৰ দাসে শতবৰ্ষ অনুষ্ঠানৰ কাৰ্যালয়টি শুভ উদ্ধোধন কৰে ৷ উদযাপন সমিতিৰ সম্পাদক ললিত চন্দ্ৰ ডেকাই আঁত ধৰা অনুষ্ঠানটিত উপ সভাপতি ৰেৱ হাজৰিকা , সাংবাদিক দেৱজিৎ হাজৰিকা , শিল্পী পঙ্কজ কুমাৰ ৰজা , মান্না ৰাজা , শিক্ষক অমৃত প্ৰৱৰ শৰ্মা , কবি লক্ষ্যজ্যোতি বৰা প্ৰমুখ্যে বহু ব্যক্তি উপস্থিত থাকে ৷
Also Read: লাহোৱাল মহাবিদ্যালয়ত হস্ততাঁত শিল্পৰ গুৰুত্ব আৰু আত্মসংস্থাপনৰ সন্দৰ্ভত কৰ্মশালা